সদৰাধীনৰ আত্মজী গ্ৰহণ কৰিলে। তেওঁ সাহেৰে মোক ১৮৪৩ ইংরেজী ২ ফেব্ৰুৱাৰী আচালতন পৰৱানা নবীচ ২০ টাকাত মকৰৰ কৰিলে। তেওঁ মোক বৰ ভাল পাইছিল ৷৷ ১১৬ এই সনৰ মাঘ মাহৰ পৰা মহামাৰী হৈ অনেক লোক মৰিছিল। তাতে ভয় হৈ আমালোকে দ্ৰেশ্বৰত কতেক দিন আছিলোঁ। তাতে মাধৰ ১৩ দিন যোৱাত গৌৰীকান্তৰ পুত্ৰ মঞি পৰৱানা নবীচ মকৰৰ শ্ৰীচন্দ্ৰকান্তৰ এটি জন্ম । জন্ম হয়। নামাকৰণ কৰণে গ্ৰীচন্দ্ৰকান্ত নাম হয়। তদপৰ মাৰী নিবৃত্তি হোৱাতে পুনৰায় সপৰিবাৰে নদীৰ কাৰৰৰ স্বকীয় ধৰ লোৱা হল ৷৷ ১১৭ ॥ তালচীন সাহেব তদপৰ বিগি সাহেব কালেক্টৰ ভাঠী যোৱাতে ডালটীন সাহেব আহি কামৰূপে কালেক্টৰ হ'ল । এবং এই সনৰ ফাগুনৰ কালেক্টৰ শেষ, চৈত্ৰৰ আদিত আকাশে পশ্চিম দিকে শুক্লবর্ণ দীর্ঘাকৃতি কেতুগ্ৰহ উদয় হৈ চাৰি মাসতক (১) মহামাৰীতে অনেক লোক মাৰে ॥ ১১৮ ॥ আৰু এই সনে ভোটৰ এলাকা বাকা দুৱাৰ প্ৰভিতি নামদানি সৰকাৰে দখল কৰাতে ১০,০০০ দশ হাজাৰ টাকা ভোটৰ ৰাজাক দিবৰ নিয়ম হ'ল। এই সমাবধি দি আছিল ৷৷ ১১৯ ॥ ৪। গোলাম-বন্দী খালাচ । ১৭৬৫ শক ও ১২৫০ সন ১৮৪৩ ৪৪ ইংরেজী। এই সনেও জিঙ্কিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ ও ডালটীন সাহেব কালেক্টৰ। এওঁ কালেক্টৰ গভ মনৰ নিৰিখ নিয়মত পৰগণা সকল এক এক সনা ম্যাদে বন্দৰন্ত কৰিলে । ও হাজো পৰগণা গৌৰীকান্ত সহিত বন্দবস্তু। আমি ঠাকুৰীয়া কাকতী দ্বাৰা খাজানা সবাই আনি সৰকাৰে দাখিল কৰোঁ। ও মধ্যে দেখিবৰ, শিক্ষা কৰিবৰ কাৰণে, হাতী বা টোকা(১) মাসড়ক মাহলৈ (তৰুলৈ ) ভোটৰ ৰাজাৰ দশহাজাৰ টাকা দিয়া নিয়ম । পরগণা
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮৯
অৱয়ব