সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আউনী আটী ডেকাজনক অধিকাৰ পতাৰ আজ্ঞা দিয়া আউনী আটীৰ অধিকাৰ পতা সদৰামীনৰ আত্মজীৱ অতঃপৰ দত্তদেব ডেকা-জনাক অধিকাৰ গোসাক্ৰীয়ে মালা দিলে, কিন্তু ৰাজঘৰৰ কথা শুনাই দিয়া নিয়ম থাকাতে, সেই মত যুক্তি কৰি, আজেন্ট নৱাব গৰৰণৰ জানৰেল ফ্ৰানচীচ জিনকীঞ্চন সাহেবক জনালত, দেববৰ বৰদলৈ মিথি সাহেবত খাটনি কৰি, তেৱেঁ কথা শুনাবৰ, আজেন্ট সাহেব আজ্ঞা কৰিলে। এই কথা আমাৰ ৰমাকান্ত, সেই সময় দৌৰাৰ ( ফৌজাদাৰী ) চেৰস্তাত থকাত শুনি, গোহাটীয়া দলৈয়ে আজ্ঞা শুনাবৰ অধিকাৰ নাই, আমাৰ ঘৰৰহে ৰাজ আজ্ঞা শুনাই দিবৰ নিয়ম, বুলি আপত্য কৰাত, দেববৰ বৰদলৈ সহিত কথা শুনাই আজ্ঞা কৰিলে । এহাৰ তাৎপৰ্য্য এই—দেববৰ বৰদলৈ ও তস্য ভাতিজা আশ্রবী দলৈৰ পুত্ৰ হেটমুৰা ওৰফে জগন্নাথ মহৰিৰ, মিজি সাহেব কালেক্টৰৰ খাটনিয়াৰ, বৰ আছিল ৷ সেহেতু খাটি মিথি সাহেবেৰ দ্বাৰা জিনকীঞ্চন সাহেবত ধৰাই হুকুম কৰাইছিল । পৰে ৰমাকান্ত আপত্য কৰাত, দুই জনকে আজ্ঞা কৰিলে ৷৷ ৮০ | পৰে, দিন ধাৰ্য্য পূৰ্ব্বক নামঘৰতে সকলো ভকত ও বাপুৰাম বৰফোকন ও মাধৰাম ৰাজখোৱা আমি প্রতিতি অনেক লোক নিয়ম মত আসনে বহাতে ও অধিকাৰী আসনে অধিকাৰ, ডেকা-জনাৰ আসনে ডেকা জনা বহাতে, দেববৰ বৰদলৈ ও ৰমাকাস্তু দুয়োজনাই মধ্যে উপস্থিত, এইমত কথা শুনলে ; 66 - আউনীআটী সত্ৰৰ কুশদেউ গৌসাঞী অধিকাৰ আছিল । তেওঁ অন্তিমকালে দত্তদের ডেকাজনাকে অধিকাৰ পাতি মালা দি গৈছে, ও চাৰিটীয়া ভকতসকলেও অধিকাৰ মান্য কৰি লৈছে ও আমিও দত্তদেৰ ডেকাজনা অধিকাৰী পদবীৰ যোগ্য হেন জানি তেওঁক অধিকাৰ পতা গল । পূৰ্ব্ব নিম্নমত কৰ্ম্ম কৰি থাকিব।” এইকথা প্ৰচাৰ হোৱাতে সকল লোকে হৰিধুনি কৰিলে এবং সভা বিসর্জ্জন হ'ল ॥ ১॥