সদৰামীনৰ আত্মজীৱ শিৱনাথ চৌধাৰীৰ ভ্ৰাতা শম্ভুৰাম শৰ্ম্মা দ্বাৰা কৰাতে, জ্বৰ কিছু জেষ্ট শাম্য হৈ গ্ৰহণী হ'ল ৷ দেৱবৰ বৰদলৈয়ে হলিদলৈ ও কৃষ্ণহৰি শৰ্ম্মা খাটনিয়াৰ ও ৰামবেল বৰুৱাক আনি চিকিৎসা কৰিছিল, কিন্তু ক্ৰমাৎ নৰীয়া বেচি হল । ও ৰমাকান্ত ও ৰতিকান্ত ও গোপীকা ও অগ্রজ, উজনীৰ পৰা আহিও তেনেকৈ বুজ নলয় । আমাৰ শশুৰ দেৱদত্ত বৰদলৈ ও দেৱৰৰ বৰদলৈ আমাৰ মাইত কলে, “এই বর্ষাকাল আষাৰ মাহ । আমালোক সৰ্বদা পাৰ হৈ আহি তদাৰক কৰিব নোৱাৰোঁ। ও তোমালোকৰ ভাগি বংশেও তেনেকৈ বুজ-বাজ নলয় । ও ঔষধপাতি অনুপান ইয়াত পাবৰ নাই । সিপাৰৰ পৰা আনিলেহে হয়। এতেকে সিপাৰে ৰপা থাকা, অথচ মঞি থকা ঘৰ আছে, তাতে থাকিলে, গধূলা পোৱা দেখি চাই, বেজ গিয়ানী লগাই, তদবিৰ কৰিব পাৰোঁ।” এই কথা কোৱাতে আমাৰ মাতৃ মৰঙ্গীয়াল ভকত সহিত পৰামৰ্শ কৰি যোৱাটো ভাল বুলি, ঘৰত কানুৰাম শৰ্ম্মা বৰদেউৰী পুৰুহিত ও আন বন্দী-বেটী ৰাখি, আমি ও গৌৰীকান্ত ও মাতৃ ও মৰঙ্গীয়াল ভকত সহিত শ্রাবণ মাসে গোহাটী গৈ থাকিলোঁ ৷ ৬১ ৷৷ গোহাটী হলিদলৈ ও কৃষ্ণহৰি খাটনিয়াৰ ও ৰাম বেজবৰুৱা প্রভিতি চিকিৎসা কৰাত, ও দুর্গাৰাম ওৰফে কলীয়া কানাই যাই, চিকিৎসা কৰাত বেচিহৈ, আশ্বিন মাহৰ কৃষ্ণা ত্রয়োদশীত ৰাত্ৰি ঢুকাল। মাতৃ ও আমি শোকতে আতুৰ হলোঁ এবং মূৰত আকাশখন ভাঙ্গি যেন হেঁচা মাৰি ধৰিলে, এনেছেন পোৱা গ'ল । সেই সময় ৰমাকান্ত উপস্থিত আছিল। হলকাস্তে, নিকট টাটীখনৰ বাহিৰে থকাতো, ৰমাকান্তে মতাতে নাহিল এবং ভাষাও বুলি জবাব দিলে। তাতে ৰমাৰাস্তে কৈছিল, “তোমি মৰিলে কোনে টানিৰ ?” উত্তৰ কৰিলে যে “তহতে টামিব নালাগে।” তাপৰ দেওবৰ বৰদলৈ ও ৰদৰাম বৰদলৈ শিৱকান্ত বেমাৰে গৌহাটী যোৱা শিৰকান্তৰ পৰলোক
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৭১
অৱয়ব