সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আজীৱনী এই সনেও জিনকিঞ্চন কমিচনৰ ও বগল সাহেব কালেক্টৰ আছিল কিন্তু সেই মাহে তেও বাঙ্গুলেৰ কমিচনৰ মকৰৰ হৈ যোৱাতে মিথি সাহেব কালেক্টৰ হল, ও বগল কালেক্টৰ সাহেব ভটীয়াই যাই গোৱালপাৰাৰ পৰা খোচনামী এক চিঠি মোৰ নামে ডাকত পঠাই দিলে। আমাৰ জেষ্ট ঐ চিঠি পাই, হাহি হাহি মোৰ হাতত দি কলে, “সৰকাৰী কৰ্ম্মত তোমাৰ খোচ্‌নামী আহিল, ও হাজো পৰগণাও তোমাৰ নামে, মৌৰ একো নাই”, এই বুলি শাহলাদিত হৈ কৈছিল । ও মোক আপোন প্রাণ হেন দেখিছিল ৷ ৫৪ ॥ সে যাহক, মিখি সাহেব কালেক্টৰৰ জেম্বায় লাখৰাজ চেৰন্ত থাকিল। ইম্পেচীয়েল ডুটী খেতাপে মকদ্দমা সকল কয়চল কৰিছিল ৷ ৫৫ ৷৷ মিথি সাহেব কালেক্টৰ হৈ গত মনৰ নিৰিখ ও যেৱস্থামতে অনন্য পরগণা ও হাজো পৰগণা মোৰ নামে একসনা ম্যাদে বন্দবস্ত কৰিলে ৷৷ ৫৬ আমাৰ জেষ্ট শিবকান্ত আউনীআটী অধিকাৰ গোসাঞীত শৰণ লোৱা হেতু যোগেশ্বৰ সজনা ন-গোসাঞী অনেক গালি ও শাও শপনি ও ধমক দিছিল। কিন্তু এইসকল বিবৰণ আউনীআটীয়া অধিকাৰী গোমাঞী জ্ঞাত হৈ ভকত পঠাই ডাঠ মতে কোৱাইছিল । তথাপি শাও শপনি দিবৰ ক্ষান্ত নাথাকিল। তাতে আমাৰ জেষ্ট গোপীকান্ত, ৰতিকান্ত, মন্ত্ৰলৈ ন-গোসাঞীৰ পক্ষ অবলম্বন কৰিছিল; কিন্তু কিছো কৰিব নোৱাৰিলে ৷ ৫৭ ॥ আমাৰ জেষ্ট শিৱকান্ত অতি মৃদু ও লোকজনৰ সহিত ব‍ মিলন আছিল । ও মোহনৰায় পানী ফোকন সহিত বৰ প্ৰীতি, ও ৰঙ্গমহল ৰাতলৈ দোলাইদি যাওঁতে আমাৰ ঘৰত সোমাই ৰহি ৰপাত ৰাইছে যায়। নিষ্ঠা, - আউনীআটীৰ অধিকাৰ বগল সাহেবৰ ঠাইত মিথি সাহেব কালেক্টৰ হাজো পৰগণা যোৰ নামে সৰুজন! ম-গোসাঞী অসন্তুষ্ট মোহনৰায় পানী- কোঋদ