সদৰামীনৰ আজীৱন আমাৰ দুৰ্গনা তদপৰ আমাৰ উপনয়নৰ কাল হোৱাত ১৭৫০ শকত চৈত্র- মাহে পিতা স্বয়ং উপনয়ন দি ১৭৫১ শকৰ শ্ৰাৰণ মাহে শুক্লা তৃতীয়া তিথিত গ্ৰহণী ৰেমাৰে সেই তলীয়া গ্রামে স্বৰ্গী হ'ল । তৎকালে সর্ববজেষ্ট গোপীকান্ত ঘৰত নাছিল। কৰ্ম্মত মকৰৰ হবৰ কাৰণে উজান অঞ্চলে গৈছিল। সহোদৰ জেষ্ট শিবকান্ত ও বিষ্ণুকান্ত ও আমি প্রভিতি অগ্নিকৰ্ম্মাদি কৰা হৈছিল । জেষ্ট শিৰকান্ত মুখাগ্নি পূর্ব্বক কৰ্ম্ম লৈ অষ্টাদশ দান সমন্বিতে কৰ্ম্ম ও বলদেব শৰ্ম্মা ৰাজখোৱাকে অথচ নাম দান দিয়া হৈছিল। কানুৰাম শৰ্ম্মা বৰদেউৰী পুৰুহিত। সেই সময় গৌৰীকান্ত সৰু আছিল । পিতাৰ কণ্ঠে একটি একমুখী ৰুদ্ৰাক্ষ আছিল ৷ দাহৰ পৰদিনা মনত পৰাতে জেষ্ট শিবকাস্ত দাহ স্থান খনন কৰি চোৱাতে, পোৱা নগল ৷ ২০ ॥ কৃষ্ণকান্ত বৰুৱা খুৰা বৰপঞ্চায়তৰ মহৰিৰ হৈ গোহাটীত থাকে । আমিও কোন, কোন, সময় খুৰা সহিত আহি গোহাটীত থকা হয়, পুনৰ ভঙ্গীয়া গ্রামে যোৱা হয় ৷৷ ২১ ৷৷ তাহাৰ পৰ আমাৰ জেষ্ট শিৱকান্ত ও গোপীকান্ত ১৭৫৩ শকে উজানে যাই মানৰ দিনত খোৱা বস্তুজাত কমলাবাৰী সত্ৰৰ পৰা কিছে৷ আনিলে। এবং বুলন ও বুদাই বন্দী ও জননী বেটী, ও গৰগাওঁৰ পৰা সৰু ঘৰগিৰী ও মগলু খাতৰ পৰা দ্বিণলগা, ত্য ঘৈণীয়েক ও জীয়েক সহিত আনিলে। অন্যস্থানে দ্রব্য বস্তু কিছু নাপালে। মানে নিয়া বুলি সকলোৱে মিছা মাতিলে। সে যাহওক, সৰু ঘৰগিৰী কিছো দিন থাকি, লৰা তিৰোতা সহিতে উঠি আছো খুলি, পুনৰ গৰগাঞে গৈ, নাহিল ॥ ২২ ॥ সেই সময় আমালোকৰ কাৰো চাকৰি নাই । প্ৰবৰ্ত্তনৰ কঠিন দেখি শিল্পকান্ত জেষ্ট উজান ৰহা চকীত ধাই ছৱৰীয়া হৰকাৰ উপনয়ন পিতাৰ পৰলোক পঞ্চায়তৰ মহৰি গোহাটীলৈ অহা যোৱা জেষ্টসকলৰ উজানে যোৱা উজানৰ পৰা মাহুত অনা জেই তহশীলদাৰৰ হৰি
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৫৫
অৱয়ব