14/0 পুথি এখন লিখিবলৈ সক্ষম কৰিছিল। হৰকান্ত সদৰামীনে তেখেতৰ ধৰ, সমাজৰ, সদৰ্ভত জন্ম-মৃত্যু-বিবাহ, মিত্ৰতা-বৈৰিতা, উৎসব- ব্যসন, দৰবাৰ-শাসন আদি বহু বিষয়ৰ প্ৰকাশ, যুক্তি আৰু বৰ্ণনা এনে ধৰণে “আস্বজীৱনী’ত লিখিছে যে তাৰ মাজে মাজে চিৰন্তন সত্য আৰু সুন্দৰৰ ভাব, সৰল লিখন ভঙ্গীৰ মাজেদি জিলিকি উঠিছে। শিৱকান্ত ককায়েকে তাড়না কৰাত মাক পৰি অহা, শিৱকান্তৰ মৃত্যুত শোক, ভোটৰ যু ঞ্জত ৰঙিয়ালৈ যাবলৈ মাক আৰু ঘৈণীৰ মানা, দুই ভাতৃৰ গুৱাহাটীত বিবাহ, কুশদেৱ অধিকাৰৰ বৈকুণ্ঠ প্ৰয়াণ, ৰাণী পদ্মবেথাক কমিচনৰৰ মেমক সাক্ষাৎ কৰোৱা ঘটনা, ঘনকাজ যুবৰাজৰ মৃত্যু, ৰাণী পদ্মৰেখাৰ শোক, সত্ৰৰ অধিকাৰ পতা উৎসব, লেফটেনান্ট গবৰ্ণৰৰ সভাৰ বিবৰণ আদিত, তেখেতৰ বুৰঞ্জীবিদ মনটি আৰু সাহিত্যিকৰ হৃদয় খনিৰ আভাস পোৱা যায । বৰ ঘৈণীৰ তীৰ্থত মৃত্যু কামনা আৰু অস্তিম কালৰ শেষ সেৱাই যেনেকৈ পাঠকৰ মন দ্রৱীভূত কৰিব, সেইদৰে চোৰ বৈদৰ কাণ্ড-কাৰখানাই আচৰিত কৰিব আৰু ইংৰাজ বিষয়াই ‘বেজীয়া’ৰ বিবাহ পতা কাৰ্য্যই ইহুৱাব । কমিচনৰৰ মেম আৰু পদ্ম- ৰেখা ৰাণী সংক্ৰান্তত, মেমচাহাব, ৰখি ৰখি বিৰক্ত হোৱাত, সদৰামীনে কৈছে, “আপুনিও ৰাণী, পদ্মৰেখা ৰাণীও বাণী, ৰাজা ৰাজনেৰ কথাই বেলেগ ৷” পাঠকে ইয়াত বহু কথা আৰু মিশ্ৰিত ৰসৰ সন্ধান পাব। ধাৰ্ম্মিক, বিনয়ী, গম্ভীৰ প্ৰকৃতিৰ সদৰামীন বৰুৱাই, সময়ত নিজৰ কথা কৈয়ে ইহুৱায়। -ৰাণী পদ্মৰেখা কমিচনৰৰ মেমক দেখ। কৰিবলৈ অহাত পলম হ'ল। হৰকান্ত বৰুৱা কাছাৰীত চৰকাৰী কামত ব্যস্ত। এনেতে নাৰায়ণ লগুৱাই খবৰ দিলে, ৰাণী আহিছে, বৰুৱাইছে মেমক দেখা কৰোৱাব লাগিব। ৰাণীয়ে মাতিছে । মহা মস্কিল! ডিপুটী কমিচনৰে ছুটী নিদিয়ে । নগলেও নহয় 1 এতেকে “সর্ব্বনাশে সমুৎপন্নে অৰ্দ্ধং ত্যজন্তি পণ্ডিতাঃ।” “আপদে নিয়মো নাস্তি” এনে তাৰ লৈ, চাহাবক, পেটবেয়া বুলি কৈ, লৰি ৰাণীৰ ওচৰ পালে আৰু মেমক সাক্ষাৎ কৰালে । ‘সদৰামীনৰ আত্মজীৱনী'ত সাহিত্যৰ উচ্ছ্বাস, বুৰঞ্জীৰ বাণী আৰু উপন্যাসৰ নিচাই, পাঠকক মাজে মাজে অভিভূত কৰিব ৷ মোৰ স্বগায় সদৰামীন ডাঙৰীয়াৰ প্ৰথম পুত্ৰ কমলাকান্ত বৰুৱা মৌজাদাৰ আছিল আৰু পিছত বিখ্যাত কবিৰাজ নামে জনাজাত হৈছিল । “মাতৃৰ মুখে শুনাযতে ডেকাকালত তেখেত অতি বলশালী পুৰুষ আছিল । এবাৰ ঘৰপোৰা জুইৰ মাজৰ পৰা, প্ৰকাণ্ড লোহাৰ পেৰা অকলৈ চোতাললৈ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৩৪
অৱয়ব