ভাইল, গৰু ঘিউ, পালেং আদি শাক, বাকলি থকা সৰু মাছ গ্ৰহণ কৰিছিল । মাছৰ পেটী, অইনকি ৰৌ মাছৰ পেটীকো ঘিণাইছিল । সময়ে সময়ে তিতা কেঁহা ভাল পাইছিল। খাৰ আৰু জ্বলা বেয়া পাইছিল । ঘৰুৱা জন্তুৰ মঙহ নেথালেও ফান্দ পাতি ধৰা, কোটা হাইঠা আদি চৰাইৰ মঙহ খানৰ অন্তৰ্গত হৈছিল। বন্দুকেৰে মাৰা চৰাই 'ছুৱা' বুলি ভাবিছিল। প্রতিদিন দুই সাজত তেখেতে প্রায় আধাসেৰ গৰু গাখীৰত, ফুটামান ভাত সানি খাই, ভোজন সমাপন কৰিছিল। মুখশুদ্ধিৰ কাৰণে তেখেতে 'বুঢ়া' তামোলৰ সলনি শুকান অৰ্থাৎ চুফাৰি তামোল ব্যৱহাৰ কৰিছিল আৰু ভোজনাস্তে, গুড়গুড়ীত নলৰ নগিচা লগাই, মচলা দিয়া ধপাতৰ ধোঁৱা খাই খাই, দুপৰীয়াৰ জিৰণি লৈছিল । পুৱা, বেলি উঠাৰ আগতে উঠি, তেখেতে শৌচাচাৰৰ লগে পদ্মফুলৰ নলী বা অইন নলীৰে প্ৰায় দুসেমান পৰিষ্কাৰ পানী নাকেৰে উজাইছিল । তাৰ পিছত স্নান কাৰ্য্য শেষ কৰি গোসাই ঘৰত এঘণ্টামান সময় পূজা সেৱা কৰি তেখেতৰ বৈঠকখানাত বহিছিল। তাৰপৰা উঠি গৈ যথাস্থানত ঘৰত তৈয়াৰী আথৈ বা চিৰা গৰু-গান্ধীৰ সহিত পুৱাৰ জলপান লৈছিল । তাৰ পিছত ভাত হোৱা সময়লৈ ঘৰৰ হিচাপপত্র, চাকৰ আদিৰ কাম বটাই দিয়া, চিঠিপত্র লিখা, আৰু আন আন লিখা কাৰ্য্য কৰিছিল । আবেলি পুথিপঢ়া বা লিখা, অভ্যাগত সকলৰ লগত কথা-বতৰা হোৱা, বন্ধু-বান্ধব, জ্ঞাতি-গোত্র, পৰিয়ালৰ লোকৰ ঘৰলৈ গৈ খা-খবৰ কৰা অভ্যাস আছিল। সন্ধিয়াৰ আগতে কিঞ্চিৎ জলপান গ্ৰহণ কৰি পণ্ডিত আৰু পুৰুহিতৰ সৈতে ভাগৱত পাঠ, ব্যাখ্যা আৰু আলোচনাত যোগ দিছিল । তাৰ আগতে গোসাই ঘৰত সন্ধিয়াৰ পূজা- অৰ্চ্চনা শেষ কৰি আহিছিল । নিশা ন' মান বজাত ভোজন কৰি তামোল ধপাত গ্ৰহণৰ পিছত ভগৱানৰ নাম লৈ লৈ নিদ্ৰা গৈছিল। আবেলি কেতিয়াবা ভাৰ্য্যা, পুত্ৰ, বোৱাৰী, নাতি-নাতিনী, বিধবা হুহিতৃ জয়ন্তী দেবীক লৈ উমানন্দ আদি দেৱস্থান দৰ্শন কৰিছিল । কেতিয়াৰা গুৱাহাটীলৈ পাৰ হৈ পুৰণি বন্ধু-বান্ধব, দেশী বা বিদেশী কৰ্ম্মচাৰীসকলৰ সৈতে দেখাসাক্ষাৎ কৰিছিল । হৰকান্ত বৰুৱা কি সমাজ, কি ঘৰত অতি মিষ্টভাষী আছিল । সৰু সৰু লৰা-ছোৱালীকো 'তুমি' বুলিহে সম্বোধন কৰিছিল । ঘৰ-ওপজা, লিগিৰাৰ কেচুৱা লৰাকো, মাকৰ পিয়াহ শুকুৱাত, যথেষ্ট গাীৰ খাবলৈ দিয়াইছিল। 'আজীৱনী'ত বৰুৱা ডাঙৰীয়াই মহৎ আৰু বিখ্যাত লোক- সকলৰ কথা উল্লেখ কৰোতে, লওয়া, লিক্চৌ, লিপিৰী আধিৰ কথাও পাহৰা
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৩২
অৱয়ব