সদৰামীন হৰকান্ত শৰ্ম্মা মজুদাৰ বৰুৱা, ওপৰত উল্লেখ কৰা ৰাধাকাগু বৰুৱাৰে এজন পুত্র । / জন্ম আৰু মান-ভগনিত হৰকান্ত :- স্বৰ্গদেউ চন্দ্রকান্ত সিংহৰ দিনত, মানৰ আগমন, আক্ৰমণ আৰু অত্যাচাৰৰ আগে আগে, ১৭৩৭ শকৰ (ইং ১৮১৫ চনৰ আঘোণৰ ২৮ তাৰিখে নিশা, উজানৰ যোৰহাটত, হৰকান্ত বৰুৱাৰ জন্ম হয় । ১৭৪০ শকত মানৰ অত্যাচাৰত বহু দূৰ্ভগীয়া অসমীয়া লোক দেশ এবি, যেনি পায় তেনি, পলাই যায় । তেলেতে ৰুচিনাথ বুঢ়াগোহাঁই প্ৰমুখ্যে বহু সম্বান্ত লোক ভগনীয়াতে, ইংৰাজ কোম্পানাৰ ৰাজ, স্কাটীৰ ৰংপুৰ জিলাৰ চিলমারিত আশ্রয় সেছিল। হৰকাৰ পিতৃ ৰাধাকান্ত বৰুৱায়ে৷ সপৰিয়াল আৰু সবংশে, কেচুৱা তৰকাগুক কালাত লৈ চিলমাৰিৰ 'নন্দবাবুৰ আশ্ৰয়ত আছিলগৈ। মানৰ বিৰুদ্ধে ৰুচিনাথ ডাঙৰীয়াই ৰাধাকান্ত বৰুৱাক লগত লৈ কলিকতাত ইংরাজ কোম্পানীৰ সহায় খুজিছিল, কিন্তু নেপালে । পিছত মানৰ সাহ বাঢ়ি যোৱাত ইংৰাজে মানক ৭৩ শকত হাদিৰাচৰীত ভেটে 1 ১৭৪৪ শক ত ভেভিন্ স্কটূ চাচাবে মানক যেদি কামৰূপত প্রবেশ কৰে । এই সাহতে বহু ভগনীয়া লোকৰ লগে লগে, ৰাধাকাগুলো উজানমুৱা হৈ, গোৱাল- পাৰাৰ পথনাটক এবছৰ মান ঘৰ কৰি আছিল । ১৭৪৫ শকত মাৰ্চ মাহত গুৱাহাটীত ইংৰাজে শাসন প্ৰবৰ্ত্তন কৰে, থাক যানৰ ভয় দূৰ হোৱাত বহু ভগনায়া পৰিয়াগ উজানৰ নিজ নিজ ঘৰলৈ গতি কৰে। বংশপৰিয়াল সহ ৰাধাকান্ত বৰুৱায়ে। উজাই আছি কাষৰূপৰ ভাজোৰ ওচৰৰ চেঁচামুখ পায়ছি। ভাতে, ওচৰৰে সুঁতি গ্রানত, ভগনীরা মাতৃবংশৰ লোকসকলক লগ পায় । তেওঁলোকে ইংৰাজৰ গতি ধৰণ বুদ্ধি দুই এক বৎসর বাদে গুৱাহাটীলৈ আকিবলৈ উপদেশ নিয়াত, বৰুৱা পৰিয়াল হুতি গ্ৰামৰ ভাগতী ব্ৰাহ্মণৰ আশ্রয় ললে। কিছুদিন পিছত ঠাই অকুলন হোৱাত, তাৰ পৰা চৰীয়া প্ৰায়ত “মাধৰ দেৱালয়ৰ মাটি এক খণ্ড লৈ, তালৈকে উঠি আহিল । শকত ( ইং ১৮২৪ চনত ) ইংৰাজে কামৰূপত জমাজমি বন্দবস্ত কৰাতে ৰাধাকান্তই নিজৰ দুৰ্দশাৰ কথা কৈ ডেভিদ স্কট চাৱাবৰ পৰা হাজোৰ হিডলা ফলত ১২ পুৰা ৰূপিত মাটি জীবদ্দশা পর্যন্ত নিষ্কৰকৈ পায়। তাৰে অন্নমুঠিৰ সংস্থান । ১৭৫০ শকত চৈধ্য বছৰত ভৰি দিয়াতে কান্ত, ৰাধাকান্ত বৰুৱাই শাস্ত্রমতে উপনয়ন দিয়ে কিছু তাৰ চাৰি মাহ পাছতে ৰাধাকাৱৰ মৃত্যু হয় তাক ঘৰখনৰ শোকে-দুঃখে আগুৰি ধৰে। সেই সময় সৰ্ব্বজ্যেষ্ঠ পুত্র
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৩
অৱয়ব