noo আছিল । সদৰামীনৰ প্ৰকাণ্ড পৰিয়ালৰ অন্তৰ্গত 'বিদ্যা মামা', ৺মাতৃ ইন্দুমতী, মাহী তুলসী দেবী, মাহী মালতী দেবী আদি লৰা- ছোৱালী একে চোতালতে উমলি-ঘামলি ডাঙৰ-দীঘল হৈছিল, আৰু বৃদ্ধকাললৈকে আপোন ভাব তেওঁলোকে ৰাখিছিল। সেই কালৰ লৰা-ছোৱালী আজিকালিৰ দৰে টেঙৰ নাছিল। বিবাহৰ পিছত ঘৰ গচকাবলৈ কুমলীয়া কন্যা ৺মাতৃক স্বামীঘৰলৈ পঠোৱাত, বিছা মামাই বামটাঙোন এণ্ডাল লৈ, বিয়াৰ বৰ, পিতৃ ৺ললিতচন্দ্ৰক “ইন্দুক কলৈ নিয়?” বুলি মাৰিবলৈ খেদি আহিছিল ! সৰুতে মাতৃ আৰু তেখেতৰ সহোদবা ভনীয়েক তুলসী দেবীয়ে ধর্মকান্ত খুৰাকৰ জীয়েক ৺মালতী দেবীক “সৌটো কি ঔ!” বুলি এটা প্ৰকাণ্ড চিতল মাছ এটালৈ দেখুৱাত, ভয় খাই অজ্ঞান হৈছিল ! সেইকালৰ সৰলতা আৰু মৰম লৈ আহিছিল আমাৰ বিদ্যা মামা! তেখেতে দিয়া টোপোলা নেলি দুখন হাতে লিখা পুথি পালোঁ । দুয়োখনিতে পুত্ৰাদিৰ নাম উল্লেখ দেখি বুজিলোঁ, দুয়োখনিতে আজো ‘মূৰদেউতা’ সোনামুৱাৰ সদৰামীন ৺হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱাই নিজৰ জীৱন-কাহিনী নিজে লিখি গৈছে আৰু সেই মূল পুথি দুখনেই সম্পাদক-প্রকাশকৰ জৰিয়তে 'সদৰামীনৰ আত্মজীৱনী' ৰূপে প্ৰকাশ পাইছে ৷ কালৰ কুটিল গতিত সদৰামীনৰ ঘৰখন লয় পোৱাত, বিপত্নীক আৰু বিপদগ্রস্ত বিদ্যা মামাই একমাত্র পুত্র প্রমোদকান্তক বুকুত বান্ধি লৈ উত্তৰ গুৱাহাটী এৰি গুৱাহাটীৰ ছত্ৰাকাৰত, এসময়ৰ বিখ্যাত লোক ৺জয়নাথ বৰদলৈ নাৰ্জীৰৰ পুত্ৰ প্ৰাধানাথ বৰদলৈ মাঞ্জীৰ ভিনিহীয়েক, আৰু বাইদেৱেক কুমুদী দেবীৰ ওচৰতে ককাইদেৱেক, সৰ্বহাৰা ৺কেশৱকান্ত বৰুৱাৰ লগতে আছিলগৈ। তাতে কলেজত পঢ়ি থকা অৱস্থাতে কিশোৰ প্রমোদকান্তয়ো অকালতে তেওঁক পুত্ৰহীন কৰি সিপুৰীলৈ গতি কৰে ৷ ৺হৰকান্ত বৰুৱা সদৰামীনৰ লিখা 'অসম বুৰঞ্জী' নামৰ বিখ্যাত
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৮
অৱয়ব