সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী সাহেব জাহাজত থকাতে দিলোঁ। তেওঁ লৈ মোত কলে, “কালিলৈ মঞি ভাটী যাম” বুলি চালাম দি বিদায় দিয়াতে কাছাৰী আহি, ৰৌলট্ সাহেবত সকল কথা কলো । এবং কাছাৰী বৰখাস্ত হোৱাতে, মঞি কমিচনৰ সাহেবৰ বাঙ্গলাত সোমাই সেই সকল কথা কলো । শুনি ফুৰিব গল। ময়ো গোহাটীৰ ঘৰতে থাকিলোঁ । তদপৰ দিনা মিল সাহেব ভাটী গ'ল ॥ ২৫৯ ॥ ৮১ মিল সাহেব ভাটী যোৱা দুৰ্গাকান্তৰ এই সনৰ জৈষ্ট মাহৰ ১৬ দিন যোৱাত' অর্কিক বাসৰে (১) নিশা দুৰ্গাকান্ত পুত্ৰ, বৰঘৈণীৰ উদৰে জন্ম হয় । দুৰ্গাকান্ত জন্ম হোৱাতে আমাৰ ভ্ৰাতৃবন্ধু গৌৰীকান্তৰ স্ত্ৰী কেতেকীৰ, ঈৰ্ষা, জন্ম হ'ল। প্ৰকাশ কৰি কৈছিল যে, “মঞি সমানে সমানে ভাগ লিম” ৷৷ ২৬০ ৷৷ মিল জজ সাহেব ভাটী যোৱাতে মঞি একদিন কাছাৰীত বৌল সাহেবত সুধিলোঁ যে, মিল সাহেব যি যি কাগজাদি তলব দিছিল, সকলো দিলোঁ । আৰু ইয়ালৈ অহাতো যি কথা সুধিলে, তাৰো সকল উত্তৰ দিলো ৷ কিন্তু সাহের মামাক ভাল পালে কি বঞা পালে, তাক একো জানিব নোৱাৰিলে। । তাতে সাহেব কলে, “তোমাক বৰ ভাল বুলি শলাগিছিল, ও সোধাত অসমীয়া বুলি কৈছিলোঁ।” আৰো কলে, “দেৱানীৰ পেচ্‌কাৰ মাধবৰ কি হৈছিল ? মিল সাহেৰ কথা বাৰ্ত্তা সোধাত, মিল সাহেব চালকৈ কব নোৱাৰিলে । মিল সাহেব সোধাত মঞি বেমাৰী বুলি কলোঁ; তাৰ কি হৈছিল ?” মঞি কলোঁ, “সাহেব, আপুনি এক কথা শুধিলে কব নোৱাৰে, তাতে মিল সাহেব নগৰৰ পৰা তহকীক হেতু আহিছে, এহাত অবশ্য হৃদয় হলকা (২) হব পাৰে” ৷৷ ২৬১ ৷৷ টোকা— (১) অধিক বাসৰে - অর্ক বাসৰে - ৰবিবাৰে । (২) হলকা - দুর্ব্বল। মোক শলাগা