সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1/ বিশেষ নামৰ নির্ঘণ্ট বর্ণানুক্রমে সংযোজিত কৰা হৈছে। মূল পুৰিৰ পৰা অলাগতিয়াল দুই এটা কথা বাদ দিয়া হৈছে। মুঠতে, ‘সদৰামীনৰ আত্মজীৱনী' 'আমাৰ শক্তি সামর্থ্য অনুসৰি সুধীবৃন্দ সমন্বিতে ৰাইজৰ গ্ৰহণযোগ্য কৰিবলৈ যত্নৰ অলপো ত্ৰুটী কৰা হোৱা নাই। তথাপি ভুল-ভ্রান্তি দুই এটা থাকি গ'ল । আশা কৰে। গুণগ্রাহীসকলে ‘আত্মজীৱনী'ৰ গুণখিনিহে গ্ৰহণ কৰিব । 'সদৰামীনৰ আত্মজীৱনী' খনি, পুৰণি অসম্ভৰ সমাজ, সংস্কৃতি, ভা-া, সাহিত্য, অর্থ নৈতিক পৰিস্থিতি আৰু ৰাজনৈতিক দৃষ্টিভঙ্গীৰ উৎকৃষ্ট নিদর্শন, উনৈশ শতিকাৰ এগৰাকী বিশিষ্ট লোকৰ জীৱনী আৰু সংশ্লিষ্ট ঘটনাৰ বুৰঞ্জী হিচাপেহে ৰাইজৰ হাতলৈ আগবঢ়োৱা হ'ল ৷ ইয়াত কোনো লোকৰ প্ৰতি ধনিষ্ঠামানো আমাৰ ঈৰ্ষা ভাব নাই। তথাপি কোনো লোকৰ যদি কিবা আপত্তিজনক ভাৱ মনত উদয় হয় তাৰ বাবে আগতে খেনা খোজা হ'ল। উল্লিখিত লোকসকলৰ বেছি ভাগ এই পুৰীত নাই । সিপুৰীত সুখে-শান্তিৰে থাকক আৰু এই পুৰীত থকা সকলো সুখে- শাস্তিবে কাল অতিবাহিত কৰক, 'আমি ইয়াকেহে কামনা কৰিলোঁ । আত্মজীৱনীত তেখেতসকল ‘সদৰামীনৰ আত্মজীৱনী' 'অসম প্ৰকাশন পর্বদে অনুগ্রহ কৰি, বিচাৰ কৰি নি, আমাক অর্থসাহায্য নকৰা হ'লে, আমি এতিয়াই পুথিখনি প্ৰকাশ কৰা টান হলহেঁতেন । প্রকাশন পর্ষদে উত্তৰোত্তৰ অসমীয়া নতুন পুৰণি, উপযুক্ত পুথি সমুহ প্ৰকাশিত কৰি আৰু প্রকাশত আধিক সাহায্য কৰি অসমীয়া ভাষা, কৃষ্টি, সাহিত্য, বুৰঞ্জী, জ্ঞান-বিজ্ঞান প্রকাশ আৰু প্ৰচাৰত সহায় হৈ দেশৰ উন্নতিত ব্ৰতী হওক আৰু জয়যুক্ত হওক, ইয়াকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ । লগতে পদলৈ আমাৰ কৃতজ্ঞতাও জালে। । 'সদৰামীনৰ আত্মজীৱনী'ৰ মূল হাতে লিখা পুথি দুখনি দেখুৱাত শ্রদ্ধেয় ডাক্তৰ শ্ৰীসূৰ্য্যকুমাৰ ভূঞা এম-এ, বি-এল, পি-এইচ-ডি ( ইত্যাদি ) মহোদয়ে পুৰি দুখনি ছপা কৰা সম্পর্কে মোৰু ৰছ