সদৰামীনৰ আত্মজীৱনী পাতনি মোৰ স্বৰ্গগতা মাতৃ ইন্দুমতী দেবীৰ মুখে তেখেতৰ পিতৃ সম্বন্ধে ,,মূৰদেউতাক” স্বৰ্গীয় হৰকান্ত শৰ্ম্মা সোণামুৱা মজুন্দাৰ বৰুৱা সদৰামীনৰ বিষয়ে শুনি শুনি, আৰু সদৰামীমে কেইবাখনো নিজে লিখা পুথি এৰি থৈ যোৱা বুলি মাতৃৱে কোৱাত, সদৰামীনৰ প্ৰতি শ্রদ্ধা বঢ়াৰ লগে লগে, তেখেতৰ পুথি সংগ্ৰহ কৰিবলৈ মোৰ আগ্ৰহ হয়। মোৰ আগ্ৰহৰ কথা শুনিয়েই বোধকৰো, মোক এজন আপোন লোকে, সদৰামীনৰ আত্মজীৱনী বিষয়ক দুখনি হাতে লিখা পুথি দিয়ে। এখনি সৰু আনখনি ডাঙৰ ডাঙৰখনিকে, সথনিৰ পৰা আৱশ্যক মতে কেইটামান পাত লৈ, সম্পাদিত কৰি 'সদৰামীনৰ আত্মজীৱনী' নামে প্রকাশিত কৰা হ'ল। সৰুখনি জেপৰ টোকা বীৰ সমান । পৃষ্ঠা সংখ্যা ১ৰ পৰা ১০৪ লৈ আছে। ১৭৩৭ শকত ৺হৰকান্ত বৰুৱাৰ জন্মৰ পৰা মহাৰাণী ভিক্টোৰিয়াৰ পুত্ৰ ১৭৯৮ শকত কলিকতালৈ অহা আৰু সেই শকৰে ১৫ পুত আউনীআটীয় শ্ৰীশ্ৰীধৰ্ম্মেশ্বৰ ডেকা অধিকাৰ গোস্বামী, গুৱাহাটী অশ্বক্রান্তৰ পৰা গয়া তীৰ্থ অভিমুখে যোৱালৈকে আছে। আখৰ কঁপা, অস্থিৰ হাতৰ আৰু অস্পষ্ট। ডাঙৰ খনিৰ আখৰ, স্পষ্ট, দুন্দৰ, আৰু সুস্থিৰ তাতেৰে লিখা । পৃষ্ঠা সংখ্যা, ৩১০ লৈকে আছে কিন্তু পৃষ্ঠা ১ৰ পৰা ৮ লৈ, ১১ৰ পৰা ১১৬ লৈ আৰু ২২৯ৰ পৰা ২৪৪ লৈ পোৱা নহ'ল । চিলাকৈ বন্ধাৰ কাৰণে হেৰোৱা অনুমান হয়। পৃষ্ঠাত আঁচ মৰা আছে, কিন্তু একো লিখা নাই । 9 ১৭৪ আৰু ১৭৫ বোধকৰে। জাপি খোৱাতে থাকিল, লিখিবলৈ পাহৰিলে । ৯ পৃষ্ঠাত নকুচিত, কালুৰাম শৰ্ম্মা বৰদেউৰীৰ ঘৰত শব্দ আৰু সন্ধি পঢ়াৰ পৰা, ১৮১১ শত কেম্বল চাহাৰে চাৰ্চ লোৱা, কেশৱকান্ত বৰাজৰ ঘৰ পোৰা
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১১
অৱয়ব