সদৰামীনৰ আত্মজীৱনী নাৱত তোলি, পৰদিনা হলিৰামত বিদায় হৈ ৰওঁনা হৈ, ছয় দিনে আহি, গোহাটী আপন ঘৰ পাই, সৰকাৰী কৰ্ম্মত হাজিৰ হলোঁ ও কর্ম্মত প্রবর্তন হলোঁ ৷৷ ১৮১ ৷৷ আমাৰ জেষ্ট গোপীকান্ত বৰুৱা সেই সময় কমিচনাৰীৰ “বি” (১) চেৰস্তাত মহাফেজ মকৰৰ আছিল । তেওঁ কমিচনৰ সাহেবেৰ হুজুৰে এত্যালা দিলে যে কামৰূপৰ কালেক্টৰিৰ শ্ৰীহৰকান্ত শৰ্ম্মা বৰুৱা ছুটী লৈ উজানে গৈছিল এ আপীচে ৰেপট কৰা নাই ৷ তাতে সাহেৰে কৈফিয়ত তলব হোৱাতে পূৰ্ব্বাপৰ কমিচনাৰীত ৰেপট কৰাৰ নিয়ম নাই । আপন চেৰস্তাৰ আমলা মঞি ছুটী দিছোঁ। এমত লিখাতে, আগলৈ ছুটীৰ প্ৰাৰ্থনা কৰিলে ৰেপট কৰাৰ আদেশ হ'ল ৷ তাৰে পৰাহে এই নিয়ম হ'ল ৷ ১৮২ ॥ এই সনেও জিকিঞ্চন কমিচনৰ ও মিথি সাহেব ডেপুটী কমিচনৰ ও ডালটীন সাহেব কালেক্টৰ। এওঁ সাহেবে গত সন নিখি ও নিয়মমতে পৰগণা সকল অ৫ সনা ম্যাদে বন্দবস্ত কৰিলে । ও হাজো পৰগণ! গৌৰীকান্ত সহিত ও সনা ম্যাদে বন্দবস্ত কৰিলে। আমাৰ যুক্তিমতে, ঠাকুৰীয়া কাকতী দ্বাৰা খাজানা তহচীল কৰি মোৰ পাশ পঠায়। সেই অনুসাৰে সৰকাৰে দাখিল কৰোঁ ৷৷ ১৮৩ ৷ আমি পেচকাৰী কৰ্ম্মত আছিলোঁ । ১৮৪৯ ইংরেজী ১৮ সেপ্তাম্বৰ ডালটীন সাহেব আমাকে একটাং চেৰস্তাদাৰ ৬০ টকাত মকৰৰ কৰে ৷ ১৮৪ এই সনৰ পৌষ মাহে মাধৰ দেবালয়ৰ কামুৰাম শৰ্ম্মা দলৈ ফৌত হোৱাতে, ঐ দেবালয় হাজো পৰণাৰ মধ্যস্থ ও আমি মাতব্বৰ জানি ডালটীন সাহেব গৌৰীকান্তকে ১৮৪৯ ইংৰেজীৰ ২৫ জুলাই সাজৱাল মকৰৰ কৰিলে । সেহেতু মঞি মাধৱ টোকা—(1) ৰিবসু=“ৰেভিনিউ” ৰাজহ, । 89 গোহাটীলৈ ভাৰ্য্যাক অনা ছুটীত ৰেপট কৰা নিষय মঞি একটাং চোদাৰ মকৰৰ গৌৰীকান্ত সাজাস মকৰৰ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০৭
অৱয়ব