সদৰামীনৰ আত্মজীৱনী হুজুৰে এতালা (১) দিয়াতে ৩০ জানুৱাৰী ১৮ মাঘ ইস্তক (২) দুই মাহৰ ছুটী বিনা একটানে ২০ জানুৱাৰী ১১ মাঘ দিলে ৷৷ ১৬৬ ৷৷৷ তদপৰ আমি ১৯ মাঘ জীউৰাম ও টোকৰ মিত্র ও হৰিহৰ শৰ্ম্মা সাড়া, ও ধনো সাড়া, আৰু একজন লগুৱা লৈ, বাঙ্গালী ছোট পানছৈ নাউ একখন তিনজন মানুহ সহিত, উজানে শম্ভু বাগচি চেৰস্তাদাৰ, বন্দবস্ত কৰি দিয়াতে, উজানে ৰওঁনাৰ মা হৈ গলোঁ ৷ ও বৰাবৰ গৈ তেজপুৰ পালোঁ ৷৷ ১৬৭ ৷ এবং তেজপুৰ পাই, সেই সময় ৰমাকাস্ত মনচুফ হৈ তাতে থাকাতে প্রাতঃকালে উঠি, তেওঁ সহিত দেখাহৈ, জিজ্ঞাসামতে, গোসাঞী ঈশ্বৰক সেৱা কৰিব আহিছোঁ বুলি কোৱাত, তেওঁ কলে “গোহাঞী ঈশ্বৰ অৰ্দ্ধোধয়ে গঙ্গাস্নান কৰিবৰ কাৰণে, সত্ৰৰ পৰা ৰওঁনাহৈ আহিছে ৷ বাটত আহোতে লগ ধৰিব পাৰা, নেপাৰ পাৰা।” এই কথা শুনি, মঞি ত্রস্তমতে, তেতিয়াই বিদায়হৈ আহি উজানে নাউ মেলি দিলো; কিন্তু কোন স্মৃতি গোসাঞী ভটীয়াই যায় ! এই ভাবনাত থাকিলো । ক্ৰমে গৈ বিশ্বনাথ পালোঁ। তাতে বিশ্বনাথ দৰ্শন কৰি ৰঔনা হলে! | মোৰ এই ভাৱনা হল : গোসাঞী ভটীয়াই আহিলে, অনেক নাউ আহিব, জানিব পৰা যাব। কিন্তু সুঁতিয়ে কোন বা ভটীয়ায়, দেখা নাপাওঁ,—এই ভাবি নাৱৰ চৰটত (৩) বহি চাই গৈছিলো ৷ ১৬৮ ॥ তাপৰ কাধে, উত্তৰ পাৰে আমি উজাই গৈছো। বেলা অলপ ভারী দিছে। এনেতে দেখিলোঁ, অনেক নাউ ভটীয়াই আহিছে ৷ এবং মাজেদি ভট্টীয়াই অহাতে আমাৰ সমান টোকা(১) - এত্যাসা -জাননী (ইন্নাত দৰপান্ত ) । (২) ইস্তক=পৰা ( যেনে, মাঘৰ পৰা ) । আউনী- আটা সত্ৰাধিকাৰ, অৰ্দ্ধোদয় স্নান (৩) চৰৰ্ট =চঠ=ছৈৰ বাহিৰে, নাৱৰ হুই মুৰে, বঠা মাৰিৰলৈ ৰখা মুকলি ঠাই।
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১০১
অৱয়ব