পৃষ্ঠা:Mor Sowarani.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি

 সাহিত্য-প্ৰাণ পদ্মনাথ গোহাঞিবৰাৰ শতবাৰ্ষিকী জন্মোৎসব উপলক্ষে অসম প্ৰকাশন পৰিষদৰ পক্ষৰপৰা তেওঁৰ এই আত্মজীৱনীখনি আমাৰ শ্ৰদ্ধাৰ্ঘ্য হিচাপে আগবঢ়াইছো।

 গোহাঞিবৰুৱাৰ এই আত্মজীৱনীখনি গ্ৰন্থ আকাৰে আগতে প্ৰকাশ হোৱা নাছিল। মৃত্যুৰ কেইবছৰমানৰ আগতে (১৮৫৩-৫৪ শৰ) “আৱাহন” আলোচনীত তেওঁ “মোৰ সোঁৱৰণী” লিখিবলৈ ধৰিছিল আৰু তাৰে পিচৰ বিশেষ অংশ এটা আলোচনী আদিত প্ৰকাশ নোহোৱাকৈয়ে আছিল। ১৯৪৬ চনৰ এপ্ৰিল মাহত তেওঁৰ মৃত্যু হৈছিল, কিন্তু তেওঁ নিজৰ জীৱনৰ সোঁৱৰণী লিখিলে মাত্ৰ ১৯২৬ চনলৈকেহে। জীৱনৰ শেহৰ এই বহুমূলীয়া কুৰি বছৰৰ তেওঁৰ জীৱন-বৃত্তান্ত লিখি উলিয়ালে আমাৰ সাহিত্যৰ এক ডাঙৰ অভাৱ পুৰণ হ'ব।

 গোহাঞিবৰুৱাৰ আত্মজীৱনীক অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ অৰ্ধশতাব্দীৰ এক দীৰ্ঘ অথচ সৰল ৰূপৰেখাৰ আখ্যা দিব পাৰি। আন বহুত আত্মজীৱনীৰ দৰে তেওঁৰ জীৱন সোঁৱৰণীত আতিশৰ্য্যৰ স্থান নাই : সত্যনিষ্ঠাই হ’ল এই সোঁৱৰণীৰ বৈশিষ্ট্য। এই গ্ৰন্থৰ দ্বাৰা অসমবাসী পৰমভাৱে উপকৃত আৰু অনুগৃহীত হ'ব বুলি আমাৰ পৰম বিশ্বাস।

 গ্ৰন্থখনি প্ৰকাশ কৰোতে গোহাঞিবৰুৱাৰ পুত্ৰ শ্ৰীহৰেকৃষ্ণ গোহাঞিবৰুৱাৰ পৰা যথেষ্ট পৰিমাণে সহায় পাইছো। গ্ৰন্থখনি প্ৰকাশ কৰিবলৈ অনুমতি আৰু প্ৰয়োজনীয় ছবি আদি দি সহায় কৰা বাবে তেওঁৰ প্ৰতি আমাৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিলো। শ্ৰীদণ্ডেশ্বৰ গগৈয়ে গ্ৰন্থখনি প্ৰকাশৰ ক্ষেত্ৰত বিশেষভাৱে যোগাযোগ কৰি আমাৰ কৃতজ্ঞতাৰ পাত্ৰ হৈছে। যোগেশ দাসে গ্ৰন্থখনিৰ প্ৰথমৰ পৰা শেষলৈকে প্ৰুফ আদি চাই আমাক সহায় কৰাৰ বাবে তেওঁক আন্তৰিক ধন্যবাদ জানালো।

গুৱাহাটী
২৬ নবেম্বৰ, ১৯৭১

চন্দ্ৰপ্ৰসাদ শইকীয়া