পৃষ্ঠা:Mor Sowarani.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চবিংশ সৰ্গ মাজত অৰিয়া-জৰি লাগি উঠিল। বহুত তকবাদ হোৱাৰ পাচত বিষয়টো আপোচ মীমাংসালৈ দিয়া হয়। ফলত আদি প্ৰাৰ্থী দুজন দুফালে আঁতৰাই থৈ মাজতে ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱাক সৰ্ববাদীসম্মতিক্ৰমে ইণ্ডিয়া কাউন্সিললৈ প্ৰতিনিধি পঠিওৱাটো স্থিৰ হয়। তাৰ পাচত চাৰ আচঁডেল আৰ্ল বাহাদুৰৰ সৌজন্যত গৱৰ্ণমেন্ট হাউচত চাহাবৰ সৈতে একে মে-মাচিয়াত একেলগে খানা খাবলৈ আপত্তি নথকা নাবেল মেম্বৰসকলক ইউৰোপীয় ধৰণেৰে অলপান (luncheon) কৰোৱা হয়। সেই জলপান খোৱা মেলত চীফ কমিচনাৰৰ পত্নী লেডী আৰ্সে মোৰ কাষতে এপাশে বহি লাঞ্চ খাবলৈ আসন লৈ মোৰে সৈতে বিবিধ ৰংলগা সুৱদি আলোপেৰে মোক আপ্যায়িত কৰিছিল। তেখেতে মোৰ থালৰপৰা ভাপত সিজোৱা আলুগুটি এটা কাটাৰ আগতে পিং দি ধৰি আলাসতে ছুৰীৰে বাকলি গুছাই মোক মাতৃ মৰমেৰে খাবলৈ দিয়া তেখেতৰ অমায়িকতা মোৰ সেঁৱৰণীত আজিও তেজা হৈ আছে। কাউন্সিল সভাৰ বৈঠক অসমত নতুন। এই নতুন অনুষ্ঠানৰ পোনপ্ৰথম প্ৰতিষ্ঠানত সদৌ অসমত উখল-মাখল লাগি পৰিছিল। শিলং শৈলত বিশেষ। কিয়নো শ্বিলঙতে ইয়াৰ বেদী। গতিকে শিলংবাসী সৰু-বৰ, শিক্ষিত-অশিক্ষিত, মুনিহ-তিৰোতা, লৰা- ডেকা-বুঢ়া সবাৰে গা-মন উলাহিত হৈছিল। সভা বৈঠকৰ দিনা ভাল ভদ্ৰলোকসকলে পোৱা যায় মানে টিকেট যোগাৰ কৰি লৈ ওপৰতলাত গোটেই দৰ্শক আঙ্গনি (visitors gallery) আৰু তলৰ তলতত পাতিয়ে কাষৰে কাউন্সিল সভাঘৰ (Council chambers) দৰ্শকেৰে ভৰি পৰিছিল। কাউন্সিল সভালৈ যাওঁতে আৰু বৈঠক ভাজি উলটি আহোঁতে বাটৰ দুপাশে দুশাৰীকৈ আৰু লৱৰি-ঢাপৰি আৰু গিৰ্জা চাপৰিত জুমজুমকৈ দৰ্শকবৰ্গে কাউন্সিল মেম্বৰসকলক উলীকৃত হৈ দৰ্শন কৰিছিল। সেই দৰশনত ৰাইজৰ নীৰৱ অভ্যৰ্থনা অনুভব কৰিভিতৰি আমাৰ মন-প্ৰাণ আনন্দত উধাও হৈ নাচিছিল। তাৰ পিচদিনা নগৰীয়া যাত্ৰীসকলেৰে সৈতে ভৈয়াম-মুখীয়াকৈ মটৰ গাড়ীত চৰি ওলটা যাত্ৰা কৰিলেহঁক। আহি আহি যেতিয়া বৰপানী আড্ডাৰ কাষ চাপিলোহি তেতিয়া সোৱে বাৱে দুইফালৰপৰা টপা পৰ্বতৰ সেউজীয়া সৌন্দৰ্যই মোৰ মন-প্ৰাণ উদাস কৰি উৰুৱাই নিবলৈ ধৰিলে। মোৰ মনে কয় ক্ষন্তেক ৰৈ যাওঁ, কিন্তু মটৰে নামানে, চলিবৰ চল পাই টো-টো কৰে চুচৰি বেছি বেগেৰেহে নামে। এইভাৱে মনৰ উগুল-ঘুণ্ডলত আহি থাকোতেই ঈশ্বৰৰ ইচ্ছাত কিবা স্বৰূপে গাড়ীৰ কিবা এটা কল বিগৰি যোত মটৰখন থমক খাই ৰব লগাত পৰিল। সেই ৰল যে ৰলেই। কল-গাড়ীৰ সেই বিজুতি ভাজিবলৈ অতি কমেও আদঘণ্টামান সময় লাগিব বুলি ড্ৰাইভাৰ ফিৰিঙ্গি চাহাবে ঘোষণা কৰাত যাত্ৰী আটাই- বিলাক নামি পৰিলেহঁক। সেই অভাৱণীয় দুৰ্ঘটনাত আপদ বোধ কৰি যাত্ৰীবৰ্গে ছিঃ ছিঃ ছাঃ ছাকৈ আক্ষেপ কৰিবলৈ ধৰিলে। মোৰ কিন্তু আন্তৰিক মহা আনন্দ মিলিল; মই মনে মনে ইচ্ছাময়ক শত শত ধন্যবাদ দি মোৰ মনোমত দৃশ্য সৌন্দৰ্য হেঁপাহ পলুৱাই উপভোগ কৰিবলৈ ধৰিলে। মোৰ মনে জাপোন-পাহৰা হৈ সেই অবিস্তীৰ্ণ প্ৰকৃতিৰ ৰাজহাড় যেন টপা পৰ্বতৰ টিঙে টিঙে ওফৰি ফুৰিছে, এনেতে মটৰে উৰি মাৰি পুনঃ চলিবলৈ সক্টম হল;