বি-ককাৰ কথা দই দই কৈ ককাক কাবৌ কৰিছিলোঁ। আমাৰ সৰ্বতোভাৱে এনে পৰাজয় আৰু নিজৰ জয় ককাই সম্পূৰ্ণৰূপে উপভোগ কৰিছিল। কিন্তু পৰাজয়ৰ হীনতাৰ ভাব আমাৰ মনত সৰহ দিন স্থায়ী হোৱা নাছিল, আৰু হোৱাটো সম্ভব নহয়। অচিতে আমাৰ বাঢ়োতা কুমলীয়া মনৰ পচোৱাত মাজু-বুঢ়া-ব্যাপাৰৰ বিভীষিকা কৰবালৈ উৰি গল। ককাই মাজু-বুঢ়া আহিছে বুলিলেই আমি মা-বুঢ়াক সাং কৰিবলৈ লাখুটি-জোকৰা হৈ উঠিলোঁ। সুবিধা পালেই আমি ককাক জোকাবলৈ নেৰিছিলো। আমি বালকবৃন্দই এদিন তেওঁৰ মূৰত দুডাল কি এডাল পকা-চুলি আবিষাৰ কৰিলোইক। একে জাপেই তেওঁৰ কাষৰ পৰা আঁতৰিণমামি দল বান্ধি হাত-চাপৰি বাই নাচি গালৈ ধৰিলো-“ককা বুঢ়া হল! ককা বুঢ়া হল!” যদিও ককাই ততালিকে আমাৰ হতুৱাই পকাচুলিকেই ডাল নিৰ্মূল কৰোৱালে, তথাপি সেইদিনাৰ পৰা আমি দূৰৰ পৰা এটা ফকৰা মাতি তেওঁক জোকাই তেওঁৰ খং তুলিবলৈ আৰু তেওঁক আমাৰ ফালে চোচা-লোৱা দেখি গিনি মাৰি ঘঁহি ফিৰিঙটি ভগাদি ভাগি পলাই পত্ৰ দিবলৈ নাপাহৰিছিলো। ককাক আমনি কৰা ফকৰাটো আমি লৰাবোৰৰ ভিতৰৰ কাৰৰ দ্বাৰাই বিৰচিত নহয়, কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰাই ৰচিত হোৱাটো সম্ভৱ নাছিল। ককাৰ মূৰত পকাচুলিৰ আকস্মিক আবিৰ্ভাবৰ বাতৰি আমাৰ পৰা অৱগত হৈ ককাৰ কোন বিপদলৰ কোন প্ৰতিভাশালী সিকে ককাৰ পকাচুলিৰ বিৰুদ্ধে সেইটো ৰচনা কৰি আমাক শিকাই দিছিল মোৰ মনত নাই; কিন্তু ককাৰ খং তুলি ৰং চাবৰ সপক্ষে এনে ব্ৰহ্মা আমাৰ হাতত আৰু আন এটা নাছিল। ককাক দেউতাই নাম কাটি নামাতি মাজুলৰ বৰুৱা বুলি মাতিছিল। তেওঁলোকৰ ঘৰে ৰ-ঘৰৰ পৰা সেই বিষয় পাইছিল।
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৫
অৱয়ব