নিজৰ পোষ্য লবলৈ থিৰ কৰিছিল। কিন্তু ৰঘুৰায়ৰ দুৰ্ভাগ্যক্ৰমে নৰনাৰায়ণ ৰজাৰ বুঢ়া বয়সত এজনা কোঁৱৰ জম্মিল। সেই কোৱৰৰ নাম লক্ষী নাৰায়ণ। ৰঘুৰায়ে খুৰাকৰ সন্তান হোৱা দেখি ৰাজ্য পাবৰ আশা এৰি কিছুমান মানুহ লৈ তেওঁৰ খুৰাকে পতা বৰনগৰলৈ আহিল। আৰু তাতে নতুনকৈ ঘিলা বিজয়পুৰ নামেৰে এখন নগৰ পাতি থাকিল। সেই নগৰেই আজিকালিৰ ঘিলাঝাৰ। ৰঘুৰায় পলাই অহা দেখি খুৰাকে “পাৰাকাৰ্জি” নামেৰে এজনক ৰঘুৰায়ক ধৰাই নিবলৈ পঠালে। ৰঘুৰায়ে “পাৰাকাৰ্জিৰ” লগত নগৈ “পাৰাকাৰ্জিয়ে সৈতে যুঁজপাতি পাৰাকাৰ্জিক হৰুৱাই পঠালে। তাৰ পাছত ৰঘুৰায়ে আকৌ এবাৰ ‘বাইৰবাঁকু” নামেৰে নৰনাৰায়ণ ৰজাৰ নগৰ এখন লুটিলে। নৰনাৰায়ণ ৰজাই এই কথাত বেজাৰ পাই সৈন্যসামন্ত গোটাই লৈ ৰঘুৰায়ক শাস্তি দিবলৈ আহিল; কিন্তু সৌভাগ্যক্ৰমে খুৰাক ভতিজাকৰ ভিতৰত যুঁজ নহল। বুদ্ধিমান নৰনাৰায়ণ ৰজাই ৰঘুৰায়ক তেওঁৰ একখণ্ড ৰাজ্য এৰি দিলে আৰু সোণকোষ নদীকে ৰঘূৰায়ৰ আৰু তেওঁৰ লক্ষ্মীনাৰায়ণৰ ৰাজ্যৰ সীমা থিৰ কৰিলে।
কালক্ৰমে ৰঘুৰায় আৰু নৰনাৰায়ণ ৰজা দুয়ো পৰকাল প্ৰাপ্ত হ’ল। নৰনাৰায়ণ ৰজাৰ পুতেক লক্ষ্মীনাৰায়ণ থাকিল। ৰঘুৰায়ৰ পৰীক্ষিতকে আদি কৰি পাঁচজন সন্তান ৰ’ল। ৰঘুৰায় আৰু নৰনাৰায়ণ মৰাৰ পাছত পৰীক্ষিতৰ লক্ষ্মীনাৰায়ণে সৈতে মনোবাদ হৈ যুঁজৰ আয়োজন হ’ল। লক্ষ্মীনাৰায়ণে পৰীক্ষিতৰ বল
বেছি যেন দেখি দিল্লীৰ সম্ৰাটৰ সহায় লয়। ১৬১৪ শকত দিল্লীৰ
২