কান্দিলৈ কোনো নাই। যিটোক কাটলে কান্দিবলৈ আছে, তাক কাটা।
ৰজাই মন্ত্ৰীৰে সৈতে এই আলচ কৰোঁতেই মাধৱদেৱে হৰিক কলে “মোক
যদি আগেয়ে কাটে, তেন্তে তুমি মোক নাম সোৱঁৰাৱা আৰু তোমাক
আগেয়ে কাটলে মই তোমাক নাম সোঁৱৰাম।”
এনে সময়তে মন্ত্ৰীয়ে চাউদাঙক ৰজাৰ আদেশ শুনাই কলে যে গৃহস্থী জনক কাটিব লাগে, আৰু বৰাগীজনক এৰি দিব লাগে। এই হুকুম শুনি চাউদাঙে হৰিক কাটিবলৈ লৈ গল। বাটত হৰিক ঈশ্বৰৰ চৰণত মন সমৰ্পণ কৰি দৃঢ় কৰিবলৈ উপদেশ দি, এই গীতটি ৰচনা কৰি গাই শুনাই হৰিৰ মন স্থিৰ কৰি দিলে-
“ভয়ো ভাই সাৱধান,
যাৱে নাহি ছুটে প্ৰাণ।
গোবিন্দৰ ফৰমান,
নিকটে মিলাৱে জান।
জীৱন যৌৱন ঠোৰ,
সবে মায়াময় চোৰ।
দুঃখ সব কৰা দূৰ,
হৰি পদে মন জুৰ।
ত্যজা সব অভিলাস,
দূৰ কৰা মোহপাশ।
হৰিপদে কৰা আশ,
কহয় মাধৱ দাস।”
এই গীত শুনি হৰিয়ে ঈশ্বৰৰ চৰণত মন একান্তৰূপে নিবিষ্ট কৰি, চাউদাঙক কলে “ ক্ষন্তেকমান ৰ, মই হাত-বাউলি দিলে কাটিবি।”মাধৱ- দেৱে নাম সোৱঁৰাবলৈ ধৰিলত হৰিয়ে হাত বাউলি দিলে, আৰু চাউদাঙৰ দাৰ কোৰত তেওঁৰ মুৰটো মাটিত পৰিল। চৰিত্ৰত আছে যে কটা মুৰটোৱে ৰাম ৰাম বুলি উফৰি মাধৱদেৱৰ পাৱত পৰিলত মাধৱদেৱে তাক হাতেৰে তুলি ধৰি মাটিত থলে।
চাউদাহঁতৰ মুখে ৰজাই এই ঘটনা শুনি তেতিয়া হেনো দুখ কৰিছিল— “যদি তহঁতে তেওঁলোকক এনে ভকত মানুহ বুলি জানিছিলি, আগেয়ে মোক কিয় নকলি।”