পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

শঙ্কৰদেৱক তেওঁ সেই সুখবৰ কৈ, তাৰ পিছত শুচি-সঞ্জমন হৈ ব্ৰতে উপবাসে থাকি ভক্তিভাৱ কৰি শঙ্কৰদেৱত শৰণ ললে।

 হৰিমিশ্ৰ নামে পণ্ডিত ব্ৰাহ্মণ এজন এদিন শঙ্কৰদেৱৰে সৈতে দেখা কৰিবলৈ আহিছিল। ব্ৰাহ্মণে লগুৱা এটা লগত লৈ আহিছিল; সি ব্ৰাহ্মণে বহিবৰ নিমিত্তে কঠ এখন লৈ আহিছিল। শঙ্কৰদেৱৰ আগত তেওঁ আসন গ্ৰহণ কৰিলত, তেওঁ কোন, কিয় আহিছে বুলি শঙ্কৰদেৱে তেওঁক শুধিলে। তেওঁ কলে “মোৰ নাম হৰিমিশ্ৰ। মই আপোনাক এটি প্ৰশ্ন কৰিবলৈ বুলি আহিছোঁ। আপুনি নানা প্ৰবন্ধ কৰি নাম-ধৰ্ম্ম প্ৰকাশ কৰিব লাগিছে, মাথোন নামকেহে লোকক দিছে। কিন্তু অকল নামেই লোকক তাৰিব পাৰিব নে? প্ৰথমতে মানুহে তীৰ্থ ব্ৰত দান ধ্যান আদি নানাপ্ৰকাৰ পুণ্যৰ কাৰ্য কৰি শুদ্ধ হৈ পিছত হে নাম জপিব লাগে, তেহে ভৱসংসাৰ তৰিব পাৰি।” শঙ্কৰদেৱে উত্তৰ কৰিলে “এনেকুৱা নহয়। নামৰ নিমিত্তে আন ধৰ্ম্ম কৰ্ম্মৰ সহায় নালাগে। নাম সকলো ধৰ্ম্ম কৰ্ম্মৰ শিৰোমণি, সকলো শাস্ত্ৰৰ মূল মন্ত্ৰ।” হৰি মিশ্ৰই কলে “প্ৰথমতে বহু দান পুণ্য আদি ধৰ্ম কৰ্ম কৰি ললেহে তাৰ পিছত মানহৰ মুখত নাম আহে। জন্মজন্মান্তৰে যি পুণ্য অচৰণ কৰে, সিহে নাম লব পাৰে।” শঙ্কৰে কলে নাম জপিবলৈ পূৰ্ব্ব পুণ্য নালাগে, ইহজন্মতে যাৰ ওপৰত সন্তৰ কৃপা হয় সিয়েই নাম লব পাৰে। এই বুলি শঙ্কৰদেৱে তেওঁৰ কথাৰ প্ৰমাণ দেখুৱাবৰ নিমিত্তে হৰিমিশ্ৰৰ কঠ অনা লগুৱাটোৰ ফালে ক্ষণিক দৃষ্ট কৰি কলে, “শুনা হৰিমিশ্ৰ, তোমাৰ যে এই কঠ ধৰা লগুৱাটো আছে, ইয়াৰ মুখত বহুত নাম আহিব। আজিৰপৰা মই ইয়াৰ নাম জয়ৰাম দলোঁ; অহৰ্নিশে ইয়াৰ মুখৰপৰা নাম নগুচক।”

 এই কথাৰ অন্ত হলতে হৰিমিশ্ৰই দেখি আচৰিত মানিলে যে তেওঁৰ লগুৱাটোৱে সঁচাসচিকৈয়ে তেতিয়াই সৰ্ সৰ্ কৰে ঈশ্বৰৰ নাম লবলৈ ধৰিলে। ইয়াৰ পিছত হৰিমিশ্ৰ ঘৰলৈ গল; কিন্তু তেওঁ দেখি মহা বিস্ময় মানিলে যে বকুত কুঠাৰ মাৰিলেও ক নোলোৱা আৰু ঈশ্বৰৰ নাম কোনো কালে নোলোৱা মুৰ্খ লগুৱাটোৱে খাওঁতে বহোঁতে উঠোঁতে ফুৰোঁতে, আন কি টোপনিতো ঈশ্বৰৰ নাম, লবলৈ ধৰিলে। হৰিমিশ্ৰই ভাবিলে, মই ইমান দিন তীৰ্থ ব্ৰত আদি ধৰ্ম্ম কৰ্ম্ম কৰিলোঁ অথচ এই অধম পামৰ