কেইটাই এনে সুযোগ দেখি তেওঁলোকৰ সৰ্ব্বস্ব লুটি লৈ তেওঁলোকক তাতে এৰি থৈ পলাই গুচি গল। পিছত দুইৰো টোপনি ভাগিলত তেওঁলোকে দেখিলে যে দুলীয়াহঁতে তেওঁলোকৰ সৰ্বস্ব লুটি লৈ পলাই সৰ্ব্বনাশ কৰি গল। আনকি গা উদং কৰি গাৰ কাপোৰ পৰ্য্যন্ত নিলে। দুইয়ো কি কবিৰ নকৰিব বিবুধি হৈ আছে, এনেতে ৰাতি পুৱাল। ভাৰ্য্যাৰ বৰকৈ পিয়াহ লাগিলত, বৰকণা গিৰীয়ে ভাৰ্য্যাৰ হাতৰপৰা তামোল-কটাৰীখন লৈ গৈ নলৰ চুঙা এটা কাটি পানী আনিবলৈ নৈলৈ গল। বহ্মপুত্ৰ পাই তাতে তেওঁ গা ধুই আহ্নিক আদি কৰি, নিজে পানী খাই ভাৰ্যালৈকো পানী আনিবলৈ বুলি নলৰ চুঙাটোত পানী ভৰাই লৈছে মাথোন, এনেতে আসাম ৰাত্তাৰ উজিৰ হৰশিঙা বৰাই ৰাজকাৰ্য্য কৰি নাৱেৰে সেই পিনে উজাই আহিছিল। নাওখন অহা দেখি গোবিন্দ গিৰীয়ে ভয় খাই লৰা- লৰিকৈ পলাব খোজোতেই হৰশিঙ্গা বৰাই তেওঁক দেখিবলৈ পালে। নৈৰ পাৰত অৰণ্যৰ ভিতৰত এনে এজন কান্তিমন্ত পুৰুষক অকলৈ দেখি হৰশিঙা বৰাই আচৰিত মানি দূৰপৰা মাত লগালে “তুমি নপলাবা। কোনো ভয় নাই। তুমি মোৰ পিতাৰ তুল্য।” নাৱৰপৰা এইদৰে কোৱা শুনি গোবিন্দ থমকি ৰল; আৰু উজিৰৰ নাৱো তেওঁৰ ওচৰ চাপিল। তেঁও কোন, কিয় তেওঁ অকলে সেইদৰে তাত আছে, ইত্যাদি কথা উজিৰে তেওঁক শুধিলত তেওঁ তেওঁলোকৰ বিপদৰ কথা সোপাকে আগৰপৰা গুৰি- লৈকে ভাঙি উজিৰৰ আগত কলে। উজিৰে সেই কথা শুনি বৰকণা গিৰীক “কহন্ত উজিৰে শুনা তুমি মোৰ পিতা। তোমাৰ পত্নীক মই বুলিবোহো মাতা॥ এই নৌকা মধ্যে আসি তোৰা দুই জন। আমাৰ সহিত আবে চলা বঙ্গ মন।” এই বুলি তেওঁ মানুহ পঠিয়াই বৰকণা গিৰীৰ ভাৰ্য্যাকো হাবিৰ ভিতৰৰ পৰা অনাই, স্বামী স্ত্ৰী দুইকো নতুন কাপোৰ-চোপোৰ দি খুৱাই নিজৰ নাৱত তুলি লৈ উজাই যাবলৈ ধৰিলে। উজিৰৰ নাৱৰ মাজীজনৰ নাম গোবিন্দ। গোবিন্দৰ ঘৰ ঘাগৰ বুলি ঠাই এখনত; সেইদেখি তেওঁক ঘাগৰী মাজীও বলে। নাৱত যাওঁতে ঘাগৰী- মাজীৰে সৈতে গোবিন্দ গিৰীৰ বন্ধুত্ব হল। বাটত যতে ভাত-পানী খাবলৈ নাও ৰখা হয়, ততে বাগৰী-মাজীয়ে বৰ যতন কৰি গোবিন্দ গিৰীৰ নিমিত্তে খোলা চুৰুকি চৌকা কৰি দিছিল। গোবিন্দ গিৰী অৰ্থাৎ বৰকণা গিৰী আৰু গোবিন্দ মাজী অৰ্থাৎ ঘাগৰী-মাজীৰ ভিতৰত হোৱা বন্ধুত্ব সেই