ময়ৰ মুখে শুনি লৰি আহিল বুলি কলত, সূৰ্যবাঢ়ৈয়ে কথাটো ততালিকে
বুলি জীয়েকক কলে “অ বুজিলোঁ, লৱৰনাতি গোসাঁই পাইছেহি? সেই
দেখি কৰুণাময়ে তোক সেইদৰে কৈ ঘৰৰপৰা পঠিয়াই দিলে। আই,
আৰু তই তালৈ যাব নেলাগে, মোৰ ঘৰতে থাক।”
ইয়াৰ পিছত কৰুণাময়ে বদুলা আতাক তেওঁলোকৰ ঘৰলৈ লৈ গলহি। বৌৱেকে আতাক দেখি বৰ আনন্দ পালে; আতাও তেওঁৰ ভকতসক লেৰে সৈতে ৰাতি তাতে থাকিল।
পিছদিনা পুৱাই বদুল আতাই তেওঁৰ ঠাই কলানিভেটিলৈ যাবৰ উদ্যোগ কৰা দেখি বৌ-মাকে তেওঁক কলে “তুমি স্নান কৰি ভোজন কৰি যাবা।"আতাই বৌমাকক কলে “স্বৰূপ কথা কবলৈ গলে, গল ৰাতিটো অতিথিৰ দৰে মই ইয়াত আছিলোঁ, আৰু ইয়াত নাথাকোঁ, আৰু অভক্তৰ ঘৰত মই ভোজন নকৰোঁ।” এই কথা শুনি বৌ-মাকে কলে “আমাক দুইকো তুমি ধৰ্ম্মক ধৰোৱাঁ, আমি ধৰ্ম্মক ধৰোঁ। আতাই কলে “সি কেনেকৈ হব। কনিষ্ঠই জ্যেষ্ঠ কেনেকৈ ধৰ্ম্মক দিব। কলানিভোত হৰিচৰণ আছে, তালৈকে মই এতিয়া যাওঁ।” এই বুলি আতা কলানি-ভেটিলৈ আহিল। হৰিচৰণে আতাক পাই পৰম আনন্দিত হল; আতাই হৰিচৰণক আশ্বাস আৰু স্নেহ সম্ভাষণ কৰিলে
বদুলা আতা কলানি-ভেটিত থাকোঁতেই অনেকে আহি তেওঁৰ ওচৰত ধৰ্ম্মক ধৰিলেহি। জয়কৃষ্ণ নামেৰে এজনে ফাল পাতি চিটিকা পাতি দিনৌ চৰাই ধৰি ফুৰে। এদিন তেওঁ সেইদৰে কিছুমান চৰাই ধৰি লৈ যাওঁতে আতাই তেওঁক দেখি সেই কাৰ্য্য যে অন্যায় সেইটো মধুৰ বচনেৰে তেওঁক বুজাই দি, চৰাইবোৰ এৰি দিলে। সেই দিনাৰপৰা জয়কৃষ্ণই তেনেকুৱা হিংসাবৃত্তি পৰিত্যাগ কৰি পাগ-পতিলা পেলাই ব্ৰতে-উপবাসে বাকি শুচি সঞ্জ মন হৈ তাৰ ওচৰত শৰণ লৈ পৰম ভকত হল। জয়কৃষ্ণৰ পিতৃ ভকত দাসেও সেইদৰে আতাৰ ওচৰত শৰণ ললে। শলখলৈ গৈ গাভৰু খাঁক, আতাই গুৰু বাক্য মতে “নাম মালিকা” শাস্ত্ৰ দিলত, গাভৰু খাঁই আতাক অনেক যত্ন আৰু শুশ্ৰূষা কৰি শাস্ত্ৰখন লেখি ললে। শলখতো অনেকে আতাৰ পৰা ধৰ্ম্মক ধৰিলে। শলখৰপৰা আতা আকৌ কলানিলৈ আহি নাম ধৰ্ম্ম প্ৰকাশ কৰি ৰল।