লগে যাবলৈ ওলাল। তেওঁলোকৰ লগত এই কেইজন গৈছিল-জগন্নাথ
চৰণ, যদুমণি, লো-গুটি-দামোদৰ, মাধৱচৰণ, বলোভদ্ৰ।
অনুক্ৰমে তেওঁলোক কাঠনি নামে ঠাই পালত কেশৱচৰন আতাই বনমালী কটকীক কৈ নাও ৰখাই বামলৈ উঠি গৈ বৰবিষ্ণু আতাৰে সৈতে সাক্ষাৎ কৰি, শলখৰ এজনে তেওঁলৈ দিয়া সোণ এতোলা তেওঁক দি আহি নাও পালেহি। কেশৱ আতা বামলৈ উঠি যোৱা সময়ত পদ্ম আতাৰ টোপনি আহি শুই আছিল। কেশৱচৰণ আতা বৰবিষ্ণু আতাৰ পাশৰপৰা উভতি আহি নাৱত উঠিলত, পদ্ম আতাই তেওঁক কিয় লগত নিনিলে বুলি কেশৱচৰণ আতাক শুধিলত, কেশৱচৰণ আতাই কলে “আগেয়ে গুৰি চাই আহা, তাৰ পিছত আগ চাব।” এই বুলি নাও নেলি তেওঁ লোক ভটীয়াই গল। চৌকি এৰাই গৈ কিছুদিনৰ মূৰত তেওঁলোকে চৌখুটি ঘাট পাই তাতে নাও ৰাখিলে। ভাটকুচি আতাই জগন্নাথচৰণক লগত লৈ উঠি গৈ মাধৱদেৱৰ ওচৰ পাই চৰণত পৰি প্ৰণাম কৰিলে। মাধৱদেৱে আতাক কলে উজানলৈ চাওঁতে চাওঁতে গল বেকা হল; তথাপি তুমি নহা দেখি, আইধাইৰ প্ৰাৰ্থনাত বেহাৰলৈ গুচি আহিলো। তোমাৰ উভতি আহোঁতে বহুদিন হল। এইটি তোমাৰ লগত কোন আহিছে?” আতাই কলে “এইটি পুৰুষজনৰ ভাগিন।” মাধৱদেৱে বোলে এওঁৰ ছয়াগুটি নাম নে কি নাম কোৱাচোন? সেই পুৰুজন আহিছে নে?" আতাই উত্তৰ দিলে “এওঁৰ নাম জগন্নাথচৰণ। সেই পুৰুজন আহিছে, তেওঁ মহা গুণবান।” গুৰুজনে কলে “আমি উজানত থাকোঁতে, মানুহৰ নাম মাহ, বাৰ, এইবোৰ উল্লেখ কৰি দিয়া হৈছিল। এতিয়া তাত জগন্নাথ আদি ঈশ্বৰৰ নাম প্ৰকাশ হৈছে, কি উত্তম কথা। এওঁলোকৰ পিতৃ মাতৃৰ কি পৰম ভাগ্য চোৱাঁ, তেওঁলোকে উঠোঁতে জগন্নাথ, বহোঁতে জগন্নাথ, সকলো সময়তে বাৰংবাৰ জগন্নাথ নাম উচ্চাৰণ কৰিবলৈ পায়।” তেওঁ এই বুলি জগন্নাথচৰণক ভাটকুচি আতাৰে সৈতে থাকিবৰ দিহা কৰাই দিয়ালে। পিছদিনা হৰিকীৰ্তনৰ প্ৰসাদ দেউৰিজনে বাঁটি দিওঁতে জগন্নাথচৰণকো এপাত দিলে। জগন্নাথচৰণে মোমায়েকৰ নিমিত্তেও এপাত 'প্ৰসাদ খুজিলত দেউৰিয়ে প্ৰসাদ কোচত দিব খুজিলত, জগন্নাথচৰণে পাত এখনিত সেই প্ৰসাদ দিবলৈ দেউৰিক কলে। মাধৱদেৱে শুনি সন্তোষ .