পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৫
শীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 লাঠি ধৰা নামে বুঢ়া এটাইও বৰ নৰীয়া পৰি মৃতকল্প হৈ ভাল হৈ উঠি মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰিলে। এইদৰে গোহালিভঙ্গা নামে বুঢ়াকে আদি কৰি বাৰজন বুঢ়াক মাধৱদেৱে ধৰ্ম্মক ধৰাই ভকতীয়া কৰিলে।

 গয়া ঠাকুৰীয়া নামে এজন আছিল, তেওঁ শৰণ লোৱাৰ কথাকে কাণত পৰিব নিদিয়ে। মাধৱদেৱে তেওঁক কিয় ধৰ্মক নধৰাঁ।” বুলি শুধিলে তেওঁ “কেতিয়াও নধৰোঁ” বুলি কয়। এদিন মাধৱদেৱে ভকতসকলেৰে বহি নাম প্ৰসঙ্গ কৰিছে, এনেতে ঠাকুৰীয়া গাৱৰ আন আন লোকেৰে সৈতে তাত উপস্থিত হল। মাধৱদেৱে “ৰাম চৰণে শৰণ লৈলো। মানবী জনম সাম্ফল কৈলোঁ।” এই ঘোষা প্ৰসঙ্গত উচ্চাৰণ কৰি গোৱাত ঠাকুৰীয়াইও লগৰ লোকসকলৰে সৈতে কাষতে বহি বাৰে বাবে সেই ঘোষা গাবলৈ ধৰিলে। প্ৰসঙ্গ অন্তত মাধৱদেৱে ঠাকুৰীয়াক শুধিলে “ঠাকুৰীয়া, এতিয়াই তুমি কি গালা মনত পৰিছে নে?” এই কথা শুনি ঠাকুৰীয়াই আথেবেথে মাধৱদেৱৰ চৰণত পৰি ধৰ্ম প্ৰাৰ্থনা কৰিলত, গুৰুৱে তেওঁক শৰণ লগালে। ইয়াৰ পিছত ঠাকুৰীয়া বৰ ভকত হল।

 এদিন গাৰো এটা আৰু ভোট এটাই আহি মহা ভক্তি ভাৱে মাধৱদেৱৰ ওচৰত শৰণ প্ৰাৰ্থনা কৰিলত, মাধৱদেৱে অলপ সংকুচিত ভাব দেখুৱালত সিহঁতে মাধৱদেৱৰ ৰচিত এই ঘোষা ফাঁকি মাতিলে—“গাৰো ভোট যৱনে হৰিৰ নাম লয়। হেনয় হৰিৰ নাম সজ্জনে নিন্দয়॥” মাধৱদেৱে মহা তুষ্ট হৈ সিহঁতক শৰণ দিলে। তেওঁ গাৰোজনৰ নাম গোবিন্দ, আৰু ভোটজনৰ নাম জয়ানন্দ দিলে। দুয়োজনে ধৰ্ম্মক ধৰি গুৰুজনৰ শুদ্ধ-সত্ত্ব সেৱক হল।  বংশীগোপাল আৰু যদুমণি দুয়ো তিনি বছৰ মাধৱদেৱৰ ওচৰত থাকি গুৰু সেৱা কৰি আছিল। তাৰ পিছত দুয়ো গুৰুৰ আজ্ঞা পাই গঙ্গাস্নান কৰি আহিলত, দুয়োজনক ধৰ্ম্মাচাৰ্য়্য পাতি মাধৱদেৱে উজনিত ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠিয়াই দিলে। এওঁলোককে দেউ গোপাল বা বংশীগোপাল আৰু দেউ যদুমণি বোলে।