১৭৮ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ এতিয়া কত আছে কোৱাচোন?” বৰহৰিয়ে কলে “ঘৰৰ চতিৰ ওপৰত আছে।” ৰজাই আকৌ শুধিলে “এতিয়া কত আছে?" তেওঁ উত্তৰ দিলে “ৰাণীৰ দক্ষিণ শুনত।” এই দুইটা উত্তৰ ঠিক হোৱা শুনি ৰজাই আচৰিত মানি ভাবিলে “ দেখোন সকলোকে জানে। মোৰ ৰাজ্যলৈ কোনো শক্ত আহিলে, মই পলাই লুকাই থাকিলেও সেখোন ই মোক ধৰি দিব; ইয়াৰ আগত মই কেতিয়াও লুকাই থাকিব নোৱাৰিম; এতেকে ইয়াক বধ কৰাই ভাল।” ইয়াকে ভাবি তেওঁ বৰহৰিক কাটিবলৈ হুকুম দিলে। ককায়েকৰ এনে গতি হোৱা দেখি, ভয়ত হৰিহৰ আতা তেতিয়াই বেপাৰীৰ নাৱত উঠি ভটীয়াই পলাই গল। বাটত যাওঁতে তেওঁ মাধৱদেৱৰ গুণ যশৰ কথা শুনি ভাবিলে, “মোৰ এক ৰকমে ভালেই হল; বজাৰ ভয়ত পলাই আহি এতিয়া গুৰুদৰ্শন লভিম।” যাওঁতে বাটতে হৰিহৰে বংশীগোপাল, যদুমণি, আৰু শ্ৰীহৰি এই তিনিজন সাধুক লগ পালে। তেওঁলোকে হৰিহৰক কলে আমি মাধৱদেৱৰ পাশত ধৰ্ম্মক ধৰিবলৈ যাওঁহঁক।” হৰিহৰে সেই কথা শুনি বোলে “মোবো সেই কাৰ্যই।” ইয়াকে কৈ চাৰিউজন একেলগে যাবলৈ ধৰিলে। বাটত হাজো পাই, সেই তিনিজনে কলে তেওঁলোকে হাজোৰ মাধৱক দৰ্শন কৰি যাব। হৰিহৰ আতাই কলে “এই জড় মাধৱত মোৰ সকাম নাই সুন্দৰীৰ চৈতন্য মাধৱত হে মোৰ কা'।” এই বুলি তেওঁ তিনিউকে। তাতে এৰি সুন্দৰীলৈ গৈ মাধৱদেৱক প্ৰণাম কৰি ধৰ্ম্ম প্ৰাৰ্থনা কৰিলত মাধৱদেৱে তেওঁক শৰণ লগালে। হৰিহৰ আতাই ধৰ্ম্মক ধৰি মাধৱদেৱৰ সঙ্গতে থকাৰ ছমাহৰ পিছত তেওঁৰ সেই তিনিজন লগৰীয়া-বংশীগোপাল, শ্ৰীহৰি আৰু যদুমণি মাধৱদেৱৰ ওচৰত উপস্থিত হল গৈ। মাধৱদেৱে তেওঁলোকক পৰীক্ষা কৰি লৈ ধৰ্ম্মক ধৰালে, আৰু তেওঁলোকে গুৰুৰ সঙ্গত সেৱা ধৰি ৰল। লক্ষ্মীকান্ত আতৈয়ে স্বদেশ পাই মাধৱদেৱৰ ওচৰত ধৰ্ম্মক ধৰিবলৈ উপস্থিত হৈ শৰণ মাগিলে। লক্ষীকান্তৰ ঘৰ ধোপৰ ৰিত। তেওঁৰ পিৰ নাম পুৰ। পুকৰ সাধু চৰিত্ৰব লোক আছিল। তেওঁ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰিছিল। লক্ষীকান্ত জন্ম হোৱাৰ এমাহৰ পিছত তেওঁৰ মাতৃৰ পৰকাল হলত তেওঁৰ পিতৃ শোকত চিন্তাকুল হৈ বহি আছে, এনেতে তেওঁ (পিতৃয়ে) দেখিলে, ঘৰৰ চালৰপৰা জেঠীৰ কণী এ মাটিত পৰি ভাগিলত তাৰপৰা পোৱালি এটা ওলাই অলপ সময় থাকি লালবীজ