আহি থাকে। এদিন মাধৱদেৱে এটি সপোন দেখি ঠাকুৰ আতাক কলে,
“সখি, মই গল ৰাতি এটি সপোন দেখিলোঁ-শ্ৰীশঙ্কৰদেৱ যেন সুবৰ্ণৰ
জখলা, এটিত ওপৰলৈ উঠি গৈছে, আৰু তুমি আৰু মই দুয়ো তেওঁৰ
পিছে পিছে গৈছোঁ। তেওঁ যেতিয়া বৰ ওখত উঠিলগৈ, উভতি চাই
আমাক দেখি কলে, “তোমালোক কিয় আহিলা? চোৱাচোন পৃথিবীত
জীৱৰ কেনে বিলাই। জীৱসকল কেনেকৈ মহা ক্লেশত কমাই ফুৰিছে।
তুমি আমি দুয়ো অহিলে জীৱসকলৰ তৰণ কেনেকৈ হব? এতেকে
বঢ়াব পো, তুমি উভতি যোৱাঁ, জীৱৰ উপায় কৰাগৈ।" গুৰুৰ আদেশত
তোমাৰে সৈতে মই উভতি আহিলোঁ। এইটো সপোন দেখিলো। এতেকে
সখি সপোনটোৰ মানে চৰ্চ্চি মোক কোৱাচোন?” নাৰায়ণ ঠাকুৰে কলে
“চৰ্চ্চি কলে কিজানি সখি আপুনি মোৰ ওপৰত খং কৰে?মাধৱদেৱে
কলে “কিয় খং কৰিম, খং কৰা জানো সুৱায়?” এই কথা শুনি নাৰায়ণে
অৱনতভাৱে মাধৱদেৱক কলে -“আপুনি গুৰুবাক্য এৰিলে। ৰামচৰণে
অন্ন ৰান্ধি দিয়ে, আপুনি তাকে ভোজন কৰি বহি থাকে। সেইদেখি
গুৰুজনে আপোনাক এই স্বপ্নেৰে চেতালে।” ঠাকুৰ আতাৰ এই মন্তব্য
শুনা মাত্ৰকে মাধৱদেৱৰ খং উঠি তেওঁ ঠাকুৰ আতাক কলে “যাৰ লৰা
শুৱাবলৈ ঢৰাই নটা হৈছে, এনেজনে মোক কয়, মই হেনো গুৰু বাক্য
এৰিলোঁ! তেওঁ হে গুৰুবাক্য পালি আছে!” এই কথা শুনি হাতযোৰ
কৰি নাৰায়ণ ঠাকুৰে কলে “সখি, মই দেখোন প্ৰথমতে কৈ লৈছিলো যে
মোক সপোনটো চৰ্চ্চিবলৈ কৈছে, কিন্তু চৰ্চ্চিলে আপুনি ৰাগ কৰিব।
আপুনি কলে ৰাগ নকৰোঁ বুলি, এতেকে মোৰ অপৰাধ কত হল? তথাপি
কৈছোঁ, যদি অপৰাধ হৈছে তেন্তে দোষ মৰিষণ কৰক। তেতিয়া মাধৱ-
দেৱে বুজি সন্তুষ্ট হৈ কলে-“মই কেনেকৈ শিষ্য গোটাই আনি ধৰ্ম্মৰ
প্ৰচাৰ বৃদ্ধি কৰিম, কব নোৱাৰোঁ” ঠাকুৰ আতাই কলে “সখি, দামোদৰ-
দেৱে কেনেকৈ সকলোৰে দৰ্শনীয় কৰি ডাঙৰকৈ নামঘৰ মণিকূট আদি
সজাই ধৰ্মৰ দোকান জ্বলাই চাৰিউফালৰপৰা সকলোকে আকৰ্ষণ কৰি
আনিছে; আৰু আপোনাৰ থান-থিতি একো নাই। আপুনি হাটীবাটী
নামঘৰ মণিকূট সজাই লৈ ভালকৈ বহক, সেৱকসকলেৰে সৈতে ধৰ্মৰ
বিচাৰ আলোচনা কৰক, এনে কৰিলে দেখিব দশোদিশৰপৰা লোকসকল
আপোনাৰ ওচৰলৈ ধৰ্ম্মক ধৰিবলৈ আহিব। মই চাৰিওফালৰপৰা লোক-
?
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৮৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ