পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্রথম অধ্যায়

উপৰি পুৰুষৰ কথা

 শ্ৰীশঙ্কৰদেৱ আসামত বিখ্যাত বাৰভূয়াঁ-সকলৰ ভিতৰৰ শিৰােমণি ভূয়াঁ চণ্ডীবৰৰ নাতিৰ নাতি আছি। আসামত বাৰভূয়াঁসকলৰ উৎপত্তিৰ বিষয়ে কেইবাটাও মত আছে। আহােমবিলাক আসামত সােমোৱা কালত ভূয়াঁসকলে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ ফালে আৰু ছুটিয়া ৰাজ্যৰ পূবত ৰাজত্ব কৰিছিল। এটা মত এই,-আৰিমত্ত ৰাজাৰ পিছত তেওঁৰ মন্ত্রী সমুদ্রই আৰিমত্তৰ পুতেক ৰত্নসিংহক ৰাজ্যৰপৰা খেদি দি নিজে ৰাজপাটত উঠিছিল। আৰিমত্ত সূৰ্যংবশী ক্ষত্রিয় ধর্মপালে সংস্থাপন কৰা ৰাজ্যৰ শেহ ৰজা ৰামচন্দ্ৰৰ ৰাণীৰ গৰ্ভত হােৱা সন্তান। এই আৰিমত্তই বাপেক ৰামচন্দ্রক নাজানি বধ কৰিছি। আৰিমত্তৰ ৰাজধানী কামৰূপৰ বেত্ নাৰ ওচৰৰ বৈদ্যৰ গড়ত আছিল। কমতাপুৰৰ ৰজাৰ বংশৰ ফেঙুৱা নামে ৰজা এজনে আৰিমত্তক আক্রমণ কৰি হাৰি প্ৰাণ হেৰুৱায়। আৰিমত্তৰ পুতেক ৰত্নসিংহক তেওঁৰ বাপেকৰ কালৰ মন্ত্রী সমুদ্রই খেদাই দি নিজে ৰজা হয়। সমুদ্ৰৰ পিছত সমুদ্ৰৰ পুতেক মনোহৰ ৰজা হয়। এনে প্রবাদ আছে যে মনােহৰৰ জীয়েক লক্ষীৰ গৰ্ভত সুৰ্য্যদেৱৰ ঔৰষত দুটি লৰাৰ জনম হয়, এটিৰ নাম সান্তনু, অনিটিৰ নাম সামন্ত। সান্তনু বৈষ্ণৱ আৰু সামন্ত শাক্ত হল। সন্তান বেলেগ হৈ সপৰিবাৰে গৈ নগাঁৱৰ ৰামপুৰ