সকলে গিৰ্জনি মাৰি হাঁহি কলে “ভাল কলা, ভাল কলা, নখ, চুলি আৰু আৰু দাঁত শুচি।” শঙ্কৰদেৱে ঈষৎ হাঁহি কলে-“ভাৰতত জন্ম লভি মানুহ কৰ্ম্মৰ পাত্ৰ হয়। আৰু মানুহ মাত্ৰই নিশ্চয় কৃষ্ণত ভকতিৰো পাত্ৰ। মানুহে ব্যাঘ্ৰাদিৰ নখ শুদ্ধ কৰি তাত সোণখটাই লৈ তাক ডিঙিত পিন্ধে। হাতীৰ দাঁতেৰে ঈশ্বৰৰ সিংহাসন নিৰ্মাণ কৰা হয় আৰু চামৰেৰে মহাৰাজসকলৰ গা আৰু দেৱতাৰ মূৰ্তিসকলৰো শৰীৰ ব্যাজন কৰা হয়। আপোনাসকলে প্ৰকৃত অৰ্থ নাজানি মহাৰাজৰ আগত কেনেকৈ সেইবোৰ অশুচি বুলিলে?”
কামৰূপীয়া অৰ্থাৎ অসমীয়া বাহ্মণসকলে এইদৰে প্ৰত্যেক কথাতে শঙ্কৰদেৱক জিনিব নোৱাৰি লাজ পাই ৰজাক কলে যে “মহাৰাজ, শঙ্কৰে কোৱাৰ বাহিৰেও আন পুথি বিস্তৰ আছে; সেইবোৰত অৱশ্যে আমাৰ সিমান দখল নাই; এতেকে মহাৰাজে দেশদেশান্তৰৰপৰা পণ্ডিতসলক অনাওক, তেহে শঙ্কৰে ভঙ্গ দিব।” এই কথা শুনি নৰনাৰায়ণে নিমন্ত্ৰণ কৰি কাশী আৰু প্ৰয়াগৰৰপৰা তৰ্কত নিপুণ পণ্ডিত ব্ৰাহ্মণ অনেক অনালে। বিদেশী পণ্ডিতসকলে ধ্বজা বানা তুলি বেহাৰত উপস্থিত হলত, ৰজাই তেওঁলোকক থাকিবলৈ বহা, খাবলৈ সিধা আদি দি ৰাখি, এদিন চন্দন-চৰাত দৰবাৰ কৰি, শঙ্কৰদেৱৰে সৈতে বাদ কৰিবলৈ লগাই দিলে। পণ্ডিতসকলে ন্যায়, বেদান্ত আদি শাস্ত্ৰৰ কথা আনি আনি শঙ্কৰেৰে সৈতে তৰ্ক আৰু কুতৰ্ক কৰিবলৈ ধৰিলে, শঙ্কৰদেৱে সেইবোৰৰ বিবিধ অৰ্থ কৰি দেখুৱাই সকলোবোৰ খণ্ডন কৰি দিলে। এনেকুৱা হোৱাত ব্ৰাহ্মণ পণ্ডিতসকলৰ ভিতৰত হুলস্থুল লাগি পৰিল, আৰু একোকোজনে ককালত কাপোৰ বান্ধি লৈ উকিয়াবলৈ ধৰিলে। বাৰে বাৰে ৰজাৰ প্ৰবোধ পাইহে বাপুসকল আকৌ ঠাণ্ডা হৈ ৰয়। এনেতে ৰজাৰ সভাৰ পণ্ডিত অনন্ত কন্দলি আৰু সাৰ্ব্বভৌম ভট্টাচাৰ্যকে আদি কৰি সভাপতিাকলে বিনয় কৰি ৰজাক কলে যে “মহাৰাজ, আপুনি নিজেই পৰম পণ্ডিত, আপুনি দেখিছে যে শঙ্কৰক তৰ্কত এওঁলোকে হৰুৱাৰ পৰা নাই, আৰু শঙ্কৰৰ মত এওঁলোকে খণ্ডন কৰিব পৰা নাই আৰু পৰা নাযায়ও; এওঁলোক সকলোৰে উদ্যম শঙ্কৰৰ আগত চুৰ্ণাকৃত হৈ পৰিছে; এতেকে আৰু কি হব? তৰ্ক বন্ধ কৰি দিয়াই হে শ্ৰেয়ঃ। ৰজাই কলে “তাক মই ভালকৈ দেখিছোঁ আৰু