পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বিতীয় সংস্কৰণ

নিবেদন

 সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাদেৱৰ “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ" নামৰ এই পুথিখন অসমীয়া ভাষাৰ এটি অমূল্য ৰত্ন- ভাষা-সাহিত্যৰ ফালৰ পৰাও আৰু ঐতিহাসিক মূল্যৰ ফালৰপৰাও। এই পুথিখন গ্রন্থকাৰৰ দ্বাৰা ১৯১৪ চনতে প্রকাশ হোৱাৰ পিচত আৰু দ্বিতীয়বাৰৰ বাবে মুদ্রণ হােৱা নাই। এই সুদীর্ঘ সময়ৰ ভিতৰত পুথিখন অকল যে অসমীয়া মানুহৰ ঘৰত দুস্পাপ্যই হৈ পৰিছে এনে নহয়, আনকি তাৰ স্মৃতিও বর্তমান সমাজৰ পৰা নাইকিয়া হৈপৰিছে। গতিকে এই অমূল্যপুথিখন একেবাৰে হেৰাই নৌ-যাওঁতেই তাক যেনেতেনে আকৌ ৰক্ষা কৰি উঠি অহা অসমীয়া সুধী সমাজৰ হাতত তুলি দিয়াটো এটা জাতীয় কর্ত্তব্যই হৈ পৰিছিল ; আৰু সেই দায়িত্ব ও আমি বেজৰুৱাৰ অন্যান্য গ্রন্থৱলী প্ৰকাশ কৰাৰ লগতে বহন কৰিবলৈ হেপাহ কৰি আছিলাে।