শঙ্কৰদেৱ আৰু মাধৱদেৱ মাধৱদেৱে গুৰুবাক্য শিৰোধাৰ্য কৰি এনে শাস্ত্ৰ এখন পিছত ৰচনা কবি- ছিল; আৰু এইখনেই অমূল্য গ্ৰন্থ শাস্ত্ৰশিৰোমণি ঘোষা শাস্ত্ৰ। অদ্বিতীয় ধৰ্ম্মবীৰ অদ্বিতীয় কৰ্মবীৰ মহাপুৰুষ শঙ্কৰদেৱে এইদৰে এখনৰ পিছত এখনকৈ অমূল্য গ্ৰন্থৰাজি ৰচনাকৈ উলিৱা দেখি আচৰিত মানি এদিন কৰ্মকুশল মহাভক্ত নাৰায়ণ ঠাকুৰে সখিয়েক মাধৱদেৱক শুধিলে ‘সখি, গুৰুজন দেখে সদায় সকলো সময়তে কৃষ্ণকথা আলাপন শ্ৰৱণ কীৰ্ত্তনত নিমগন থাকে, তেখেতে নো শাস্ত্ৰ বচনা কৰিবলৈ কেতিয়া সময় পায়। আপুনি জানে যদি মোক কব পাৰে নে?” এই কথা শুনি নাধৱদেৱে হাঁহি উত্তৰ দিলে “গুৰুজনে কেতিয়া কেনেকৈ শাস্ত্ৰ লিখে, তুমি এদিন ৰাতি গৈ নিজে চাগৈ।” নাৰায়ণ ঠাকুৰে সেইদিনা তেওঁৰ ঘৰলৈ নগৈ বাতি শঙ্কৰদেৱৰ পাশলৈ গৈ কীৰ্ত্তন ঘৰৰ বাৰৰ জলাইদি জুমি চাই দেখিলে যে কীৰ্ত্তনধৰৰ দুৱাৰ পাই বন্ধ কৰি লৈ তাৰ ভিতৰত শঙ্কৰদেৱে বহি অদ্ভুত শক্তি প্ৰকাশ কৰি পুথি লেখিব লাগিছে। নাৰায়ণ ঠাকুবে জুমি থাকোতেই শঙ্কৰদেৱে গম পই মাত লগালে “নাৰায়ণ, ভিতৰলৈ আহা!” নাৰায়ণ ঠাকুৰ হঠাৎ অপ্ৰস্তুত হৈ কীৰ্ত্তন ঘৰৰ ভিতৰ সোমাই শঙ্কৰদেৱৰ চৰণত পৰি প্ৰণাম কৰিলত শঙ্কৰদেৱে তেওঁক মধুৰ ভাৱে সম্বোধন কবি কলে ‘সাক্ষাতে নাহি তুমি কিয় জুমি চাইছিলা?” এই বুলি শঙ্কৰদেৱে তেওঁক সাদৰ কৰি চাৰিখন তামোল দিলে, তেওঁ গদগদ হৈ শঙ্কৰদেৱব চবণত পৰি সেৱা কৰি ক্ষমা প্ৰাৰ্থনা কৰি ওলাই আহি, মাধৱদেৱৰ ওচৰ পাই মাধৱৰ হাতত তামোল চাৰিখন সখিয়েকক সকলো বৃত্তান্ত জনালে। তাৰে দুখন আকৌ মাধৱে নাৰায়ণক দিলত নাৰায়ণে গুৰুজনৰ প্ৰসাদ বুলি অতি হৰিষ মনেৰে খাই সেই ৰাতি তাতে শুই থাকি পিছ দিনা পুৱাহে নিজৰ ঘৰ পাইছেহি। মাধৱদেৱৰ ভাগিনীয়েক উৰ্বশীৰ এটি পুত্ৰ সন্তান জন্ম হল। ভাগি নীয়েকে অশৌচৰ অন্তত পানী কেচুৱা লৰাটি কোলাতকৈ আনি কান্দি কালি মাধৱদেৱক কলে “মোৰ লৰাট নোহোৱাহেঁতেনই ভাল আছিল, এই বংশত পূৰ্বে ঋষিৰ শাপ আছে, এতিয়া ই কিজানি জীয়াই নাথাকেই।” এই কথা শুনি মাধৱদেৱে ৰামদাসক, কি ঋষিৰ শাপ বুলি শুধিলত বাসদাসে তেওঁক কলে “আমাৰ উপৰি পুৰুষ এজনক ঋষিয়ে ক্ৰোৰ কৰি শাপ দিছিল