৮৬ এশিয়ৰদেৱ আৰু মাধৱদেৱ তাতেই আছে, ভালকৈ কব নোৱাৰে।” ভৱানন্দই এই কথা শুনি তেতিয়াই নাও মেলি দি আহিল, আৰু মানাহৰ সুতী এৰি চাউলখোৱা পালেহি, আৰু তাৰপৰা আহি খোনদীত সোমালহি। খোৰানদীৰ পাৰত দুজন ভকত খাগৰি কাটিবলৈ গৈছিল। তেওঁলোকে শঙ্কৰৰ ভণিতাৰে এই গীতটী গোৱা ভৱানন্দই শুনিবলৈ পালে,- F “নাৰায়ণ কাহে ভকতি কৰে। তো। মেৰি পামৰ মন, মাধৱ ঘনে ঘন, ঘাটুক পাপ নছোৰা। যত জীৱ জঙ্গম, কীট পতঙ্গম, অগণক জগতেৰি কায়া। সবকহহা মাৰি পুৰত উহি উদৰ, নাহি কৰত ভত দয়া। ঈশ স্বৰূপে হৰি, সব ঘটে বৈঠয়, যৈন গগন বিয়াপি। নিলা বাদ পৈশুন্য হিংসা, হৰি, তেৰি কৰোঁহহ হামু পাপী॥ কাকু শঙ্কৰে কয়, কৰ কৰুণা নাথ! যো নাছোৰোঁহো ৰাম বাণী। সব অপৰাধক বাধক তুৱা নাম তাহে শৰণ লহে জানি” এই গীতৰ ভণিতা শুনি ভৱানন্দই ভাস্কৰৰ কথাৰ ভালকৈ মৰ্ম্ম অৱগাহ কৰি, ভকত দুজনক শুধিলে, “তোমালোকে যাৰ ৰচিত গীত গাইছা, তেওঁ কত আছে?” ভকত দুজনে কলে “সেই পুৰুষজন চূণপোৰা বৃক্ষৰ তলত আছে। আপুনি নো তেওঁৰ কথা কিয় শুধিলে?” ভৱানন্দই উত্তৰ দিলে যে তেওঁৰ কথা শুনি তেওঁক গুৰু লভিবৰ নিমিত্তে বিচাৰি আহিছোঁ।” এই কথা শুনি ভকত দুজনে আনন্দ মনেৰে তেওঁক শঙ্কৰদেৱক দেখুৱাই দিবৰ নিমিত্তে লৈ গল। সেইদিনা শঙ্কৰদেৱৰ ভোজনৰ নিমিত্তে চাউলৰ অনাটন পৰিছিল। শৱদেৱৰ পখীয়ে ৰামীক কলে “আজি ভোজনৰ চাউল নাই, কিজানি কি হয় কব নোৱাৰে। কিজানি আজি আভকতীয়াৰ চাউলকে ভোজন কৰিবলগীয়া হয়, তাৰ ঠিক নাই।” এনে সময়তে চাউল, লোণ, তেল কাতকৈ লৈ শঙ্কৰদেৱৰ ওচৰত ভৱানন্দ সদাগৰ উপস্থিত হলগৈ। শঙ্কৰ পুবফালে মুখ কৰি বহি আছিল, ভৱানন্দ তেখেতৰ পিঠিৰ ফালৰ পৰা থিয় দিলত, ভৱানৰ ছাঁটো শঙ্কৰদেৱৰ মুখৰ আগত পৰিলহি। ঠিক এনে সময়তে শঙ্কৰদেৱে নাৰায়ণ নাম উচচাৰণ কৰিলে। ভৱানলই তেওঁৰ আগত চাউল, লোণ থৈ তেওঁ সেৱা কৰিলে। শঙ্কৰদেৱে তেওঁক