পৃষ্ঠা:Kamaratna Tantra.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

86


১০৯। অথ ধনুৰ্বিদ্যা।

১। মন্ত্ৰে সহিতে অৰ্জুনক ইন্দ্ৰই যি ধনুৰ্বিদ্যা শিখাইছে সেই সাতাইশ অক্ষৰীয়া কালাযুত মন্ত্ৰ প্ৰথমে জপি শৰ ধৰিব। পুনু নৱবৰ জপি ধনুক পুতিব। কৰ্ণ মানে ধালি প্ৰস্থাপিলে দশ হুয়া বাঢ়ে।

২। মহাদেৱে ইন্দ্ৰত যি সতৰ অক্ষৰীয়া ছন্দে মন্ত্ৰ কহিছে পঞ্চধা অস্ত্ৰত জপি মাৰিলে দশ পাঁচ হুয়া বাঢ়ে।

৩। সপে গিলা বেঙৰ আদখান আনিব। সাপৰ মূৰ কাটি আনিব। ৰদত শুকুৱাই ভিন্ন মূৰত পাৱে। এই প্ৰমাণ হল যদি পাটে যাতে মাৰে তাতে বাঢ়ে। ইতি ধনুবিৰ্দ্যা।

১১০। অথ ধনধান্য অক্ষয়কৰণ।

১। পূৰ্ব্ব ফনী নক্ষত্ৰত ডালিমৰ মূল ধন ধান্যত আনি থব, অক্ষয় হয়।

২। ভৰণী নক্ষত্ৰত ওকলবিৰ বৃক্ষৰ ৰঘুমলা ধনদায় মন্ত্ৰ অষ্টোত্তৰশত জপি ধন ধান্যত থব, অক্ষয় হয়। ইতি ধনধান্য অক্ষয়কৰণ।

১১১। অথ শ্ৰুতিধৰ কৰণ।

ইয়াৰ ঔষধ বাগেশ্বৰ মন্ত্ৰ জপি খাব।