পৃষ্ঠা:Kamaratna Tantra.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

74


২। ভৰণী নক্ষত্ৰত এক আঙ্গুল ফেঁ‌চাৰ হাড়ৰ খিলাত ওঁ দহ দহ হল হল স্বাহা মন্ত্ৰ সাত বাৰ জৰি ঘৰত পুতলে উচাটন হয়। তাকে উলিয়াই পেলালে গুচে।


৯৫। অথ যন্ত্ৰ।


 হৰিতালে অশ্বথ পত্ৰত যন্ত্ৰ লিখি তাতে যাৰ নাম লিখি যাৰ গৃহত পোতে উচ্চাটন হয়। ইতি উচ্চাটন।


৯৬। অথ বিদ্বেষকৰণ।


১। কাক, ফেচাৰ পাখি বাটি ধূ কৰি তাতে ওঁ নমো মহাভৈৰবাৰ শশ্মানবাসিগৈ অমুক অমুকখোব্বিদ্বেষং কুৰু কুৰু, ক’ ফট মন্ত্ৰ জপি যি দুই মিত্ৰৰ ঘৰত সেই ধুপ লগায় মিত্ৰ ভাগে।


২। কলীয়া সাপৰ কৰ, মৈৰাৰ পাখি বাটি অমু কামুক মন্ত্ৰিত কৈ ধূপ লগালে ঘ্ৰাণত মিত্ৰ ভাগে। ইতি বিদ্বেষণ।


৯৭। অথ যন্ত্ৰ।

 বিহ ধুতুৰাৰ দৰে ভূৰ্জত কাক, ফেঁঁচা, লিখি তাত দেৱদত্ত মন্ত্ৰক জপি যাৰ ঘৰত থয় কাকৰ, ফেঁচাৰ যি মতে বিবাদ, তেনেকৈ দুই জনৰ মিত্ৰতা ভগ্ন হয়।