পৃষ্ঠা:Kamaratna Tantra.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

72


২। যৰ ধানৰ গুৰি, তুলা, সম কৰি, তিতা মিসলাই তেল দি বাতি লগাব; মাখি, মহ, বিহ পোক আদি সবে পলায়।

৩। সোনলুৰ ফল খাটত থলে উৰহ মৰে। পূৰ্ব ৰক্ষা মন্ত্ৰ পঢ়ি তিনিবাৰ হাত তালি মাৰিব, ঘৰ চাৰি ইন্দুৰ পলায়। ইতি গৃহক্লেশ নিবাৰণ।


৯৩। অথ ক্ষেত্ৰ বন্ধন।


১। প্ৰথমে নমঃ সুৰভ্যে মন্ত্ৰ জপ দেবীক নমস্কাৰ কৰিব। বিদ্যা প্ৰযোজক নমস্কাৰ মন্ত্ৰ বালুকাত সেত সৰিয়হত সাতবাৰ জপি শস্য মধ্যত সঞ্চিব। পশু পক্ষী ইন্দুৰ সবাৰে মুখ বন্ধ হয়।


২। অঙ্কুশ নাম মন্ত্ৰ, হনুমন্ত মন্ত্ৰ উজুমণি মন্ত্ৰ এই তিনি মন্ত্ৰ সেত সৰিয়হত বালুকাত সাতবাৰ জপি বাতি সিচিব। কেৰকটুৱা আদি সৱে পলায়, মুখ বন্ধ হয়।


৩। পূৰ্ব্বষাঢ়া নক্ষত্ৰত বাঁহৰ গছৰ ৰঘুমলা শ ন্যৰ মাজত পেলাব। বৃদ্ধি হয়। ইতি ক্ষেত্ৰ বন্ধন। ইতি কামৰত্নৰ নৱম উপদেশ সমাপ্ত।

দশম পটল।


৯৪। অথ উচ্চাটন।


১। পুনৰ্ব্ব নক্ষত্ৰত পাঞ্চ আঙ্গুল আগিয়া চিতাৰ ঠানি ও লোহিত মুখে স্বাহা মন্ত্ৰ সাতবাৰ জপি কোনো উপায়ে যাৰ ঘৰত থয় তাৰ উচ্চাটন হয়।