পৃষ্ঠা:Kamaratna Tantra.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

50

৬০। অথ তনবন্ধন।

 ইলাচি, ডালিম্বৰ মূল, সেত সৰিয়হ, সবাকো বাটি পাতত মেৰাই তপতকৈ আঠ দিন তনত লিপিলে সকলো দিনত যোড়শ বছৰীয়া প্ৰথম ঋতুমতী যুবতীৰ সমানে থাকে। প্ৰথম ঋতু সময়ত নাকে চাউল ধোৱা জল পিব। স্তন নপ। চাউল শোণিতেৰে বটি এক তোলা নাকে উজাব। স্তন নপৰে। এবাৰ মূল, শল মাছৰ তেল, কেচা বেলৰ ৰস, নাকে উজাব। স্তনত এক মাহ লিপিব। পতিত তনৰ বৃদ্ধি হয়। ইতি তনবন্ধন।

৬১। অথ যোনী সুগন্ধকৰণ।

 নিমু পাতৰ ৰসেৰে যোনী পখালি তাৰে পাত বটি পাতেৰে মেৰাই সিজাই যোনীত লিপি সুগন্ধ জলেৰে পথালিব। দুৰ্গন্ধ গুচি বহুকাল সুগন্ধে থাকে। ইতি যোনী সুগন্ধকৰণ।

৬২। অথ ৰোম উৎপাটন।

 লগতে ওপজা মহৰ ছাৱাৰ বিষ্টা ৰাতি যোনীত লিপি সৰা চুলি ওপৰত দি পাতেদি ঢাকি থব। প্ৰাতসতে যোনী পখালিব। ৰোম নিৰ্ম্মল হয়। মাটিৰ তলৰ ফলীয়া পিপৰাৰ বাহ গুৰি কৰি পাঞ্চ দিন যোনীত লিপিলে ৰোম নগছে। ইতি কামৰৰ সপ্তম উপদেশ সমাপ্ত।