পৃষ্ঠা:Kamaratna Tantra.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

46

৫৫। অথ কেশ শুক্লকৰণ।

১। শিলিখা কেহাৰ আঠাত সাত দিন ভিজাই থব। তাৰে গুৰা কৰি তেলে সহিতে কেশত ঘহিলে কলীয়া চুলিও বগা হয়। ২। তাৰে আঠায় তিলক সাত দিন ভিজাই থৈ তিলক মাত্ৰ লৈ তাৰে তেল মুত দিলে কলীয়া চুলি ও বগা হয়।

ইতি কামৰত্নৰ পঞ্চম উপদেশ সমাপ্ত।

⸻⸻

ষষ্ঠ পটল।

৫৬। অথবাজিকৰণ।

১। অশ্বিনী নক্ষত্ৰত বটৰ ৰঘূমলাবটি খিৰেৰে খাব। কমবল হয়। ২। বৃদ্ধ শিমেলিৰ মূলৰ ৰস চেনিৰে মথি সাত দিন খাব। বীৰ্য্যসাগৰ হয়। ৩। মাহৰ গুৰি এক পোহ ঘিউ মিহলাই কিছু জল দি ৰদত শুকাব। পুনু খিৰ মিহলাই শুকাব। তাক খালে মহা কামবল হয়। ৪। কল মধুনাৰ চক্ষু দুগ্ধৰে সিজাই ৰাতি খাব। কামবল হয়। ৫। জীৰাক মধু দি বাটি খাব। মহা কামবল হয়। ৬। ঘৰ মকৰাৰ কণী মধুৱে সহিতে নাভি ত লিপি ৰমিলে মাল হয়। ইতি কামৰত্নৰ ষষ্ঠ উপদেশ সমাপ্ত।