পৃষ্ঠা:Kamaratna Tantra.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

40


৪৬। অথ সমজন মোহন যন্ত্ৰ।

 গোৰচনাৰে ভূৰ্জ্জপত্ৰত যন্ত্ৰ লিখিব। তাতে যাৰ নাম লিখি তাতে শত্ৰু মুখবন্ধন মন্ত্ৰ অষ্টোত্তৰশত জপি বাহুত ধৰে সম জন মোহয়। ইতি সমজন মোহন।

৪৭। অথ বালকুল মোহন।

 ৰক্ত চন্দনৰ গুটি এলক্ষীৰ গুটি সম কৰি বটি তাম্বুলৰ লগত মন্ত্ৰিত কৰি খুৱাব, বালকুল মোহ হয়। ইতি বালকুল মোহন।

৪৮। অথ সাপ মোহন।

 ১। তাল ফলৰ গুটি, ধুতুৰাৰ গুটী বাটি খিৰ মিলাই মন্ত্ৰিত কৰি সাপক খুৱালে মেহ হয়। উন্মত্ত হয়। দুগ্ধ, চেনি, বগৰিৰ ফল খুৱাই গতি ঘঁহিব। সেই উন্মত্ত ভাল হয়।

 ২। বিছাৰ গুৰিৰ ধূপকৈ মন্ত্ৰিত কৰি লগাব। সাপক মোহে। ইতি সাপ মোহন।