পৃষ্ঠা:Kamaratna Tantra.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

38

৪৪। অথ বীৰ্য স্তম্ভন।

 ১। শুক্ৰস্তম্ভন মন্ত্ৰ অষ্টোত্তৰশত জপিব। ঔষধত ৰঙ্গা বনশঠৰ মূলত সোমবাৰে মন্ত্ৰিত কৰি মঙ্গলবাৰে প্ৰাতসে স্নান কৰি আনি ককালত বান্ধি বমিব। বীৰ্য্য স্তম্ভে।

 ২। ঔষধ এৰি ৰমিলে বীৰ্যপাত হয়। বগা বিৰালিৰ নথ, অস্থি, বগা অপৰাজিতাৰ মূল সহিতে ককাল বান্ধি ৰমিলে বীৰ্য্য স্তম্ভে।

 ৩। পদ্মৰ গুটি মৌ সহিতে বাটি নাভিত দিলে বীৰ্য্য স্তম্ভে।

 ৪। জামু গছৰ মূল তামুলে সহিতে থালে বীৰ্য স্তম্ভে।

 ৫। বগা আকণৰ মূল শিহা কৰি শূকৰৰ তেল দি বাটি লগাব। ৰাতি নুনুমাই মানে বীৰ্য্য স্তম্ভে। ইতি বীৰ্য স্তম্ভন। ইতি কামৰৰ চতুৰ্থ উপদেশ সমাপ্ত।

⸻ ⸻

পঞ্চম পটল।

৪৫। অথ সমজন মোহন।

 ঔষধসকলত তীক্ষ্ণ মন্ত্ৰ সাত বাৰ কৰি জপিব। ভৃঙ্গাজৰ মূল, ভোমোৰাৰ পাখি, কলীয়া ধুতুৰাৰ ফুল বাটি বড়ি কৰি তিলক ললে মোহ কৰে। তামুলত মন্ত্ৰিত কৰি যাক খুৱাই তাৰ মোহ হয়। ভোজনৰ দ্ৰব্যত মন্ত্ৰ কৰি খুৱালে মোহ হয়।