পৃষ্ঠা:Kamaratna Tantra.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

36


৪০। অথ মন স্তম্ভন।

 চমাৰৰ আসন দেই বস্ত্ৰেৰে কলৰ পুলিত মেৰাই বান্ধিব। নেদেখে হেনকৈ থব। যাৰ আগত থয় তাৰ মন স্তম্ভিত হয়।

৪১। অথ চোৰগতি স্তম্ভন।

 ব্ৰহ্মদেশী মন্ত্ৰক সাত বাৰ জপি নখ কাটি লব। তিনি খণ্ড ককালত বান্ধিব। দুই খণ্ড দুই মুষ্টিত লব। চোৰৰ গতি স্তম্ভ। ইতি চোৰগতি স্তম্ভন।

৪২। অথ গৰ্ভস্তম্ভন।

 কৃষ্ণা চতুৰ্দশী ধুতুৰাৰ মূল আনি ককালত বান্ধি ৰমলে গৰ্ভ নহয়। তাৰ মূলৰ গুৰি যোনীত থৈ ৰমিলে গৰ্ভ স্তম্ভে।

৪৩। অথ গৰ্ভ স্তম্ভন যন্ত্ৰ।

 অনামিকাৰ ৰক্তেৰে যন্ত্ৰ লিখি তাতে তিনি-অক্ষৰীয়া মন্ত্ৰ অষ্টোত্তৰশত জপি তাতে সেই নাৰীৰ নাম লেথি শিতানৰ ওপৰৰ মাটিত থব সেই নাৰীৰ গৰ্ভ স্তম্ভে। ইতি গৰ্ভ স্তম্ভন।