পৃষ্ঠা:Kamaratna Tantra.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

34


৩৭। অথ গোমহিষাদি স্তম্ভন।

 উটৰ অস্থি চাৰিও দিশে ভূমিত পুতিব। গো মহিষ ব্যাঘ্ৰ আদি কৰি স্তম্ভন হয়। ইতি গোমহিষাদি স্তম্ভন।

৩৮। অথ দৈব স্তম্ভন।

১। প্ৰথমে কৰ্ম আৰম্ভত অগ্নি দন্তি মন্ত্ৰ, প্ৰজা মন্ত্ৰ দশ হাজাৰ জপি দুয়ো মন্ত্ৰ ঔযধত অষ্টোত্তৰশত কৰি জপিব। পৰীক্ষাত জিনে।

২। ৰবি বাৰে শিৰীষ ফুলৰ পূৰৰ ফালৰ মূল আনি বটি মন্ত্ৰিত কৰি তিলক লব। দোষীজনো ৰক্ষা পৰে।

৩। ঘিউ, নাগেশ্বৰৰ ছাল, চেনি সবাকো বটি জিভাত লিপিলে তাৰ কাল স্তম্ভে।

৪। উত্তৰভাদ্ৰপদ নক্ষত্ৰত বগা কাচমণিৰ মূল উত্তৰ ফালৰ পৰা আনি মন্ত্ৰিত কৰি হাতত লৈলে দৈব স্তম্ভন হয়।

৩৯। অথ দৈব স্তম্ভন যন্ত্ৰ।

 গোৰচনাৰে পলাশ ফুলৰ ৰসেৰে যন্ত্ৰ লিখিব। তাত যাৰ নাম লিখি দুগ্ধৰ কুম্ভৰ ভিতৰত থব সৰ্ব্ব দৈব স্তম্ভ হয়। ইতি দৈব স্তম্ভন।