পৃষ্ঠা:Kamaratna Tantra.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

32


৩৪। অথ অগ্নি স্তম্ভন।

১। প্ৰথমে এক জটা নাম দেবীক পূজা নমস্কাৰ কৰিব। সেই নিয়মে তাৰ দেবীক মহিষমৰ্দিনী পূজিব। দেবী প্ৰসাদত অগ্নিৰ তাপ পালেও পীড়া নাপায়।


২। কৰ্ম্ম আৰম্ভত সংকটিত ও হীং মহিষমৰ্দিনী লহ লহ হল হল কঠ কঠ স্তম্ভয় স্তম্ভয় অগ্নিং স্বাহা মন্ত্ৰ অযুত জপি ঔষধতে অযুত জপিব। অগ্নিয়ে গৃহ নোপোৰে।


৩। জাম্বুক গছৰ মূল মন্ত্ৰিত কৰি হস্তত বান্ধিলে অগ্নিৰ পীড়া নাপায়। ইতি অগ্নি স্তম্ভন।

৩৫। অথ জল স্তম্ভন।

 প্ৰথম মন্ত্ৰক অযুত জপিব। ওদালৰ ফল গুড়ি কৰি মন্ত্ৰিত কৰি জলত পেলালে জল নাহয় স্তম্ভে। জিকাৰ মূল পুনৰ্নবাৰ ৰসেৰে পিহি হাতত ভৰিত লিপি জলত ধৰিলে জল স্তম্ভে।


৩৬। অথ জল স্তম্ভন যন্ত্ৰ।

 হালধিৰ ৰসেৰে বস্তুত যন্ত্ৰ লিখি ভাতৰ পোতনিত থব। তাকে জলত চিটালে জল স্তম্ভে। নাহয়। ইতি জল স্তম্ভন।