পৃষ্ঠা:Kamaratna Tantra.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

28

চতুৰ্থ পটল।

২৬। অৰ্থ স্তম্ভন।

 ১। মুৰ মূলত ওঁ হ্ৰী চামুণ্ডে তু তুক অমুকং মে বশমানয় স্বাহা মন্ত্ৰ অষ্টোত্তৰ শত জপি মুখত লৈ ন্যায়বাদ কৰিব। দ্বন্দী বোবাপায় হয়।

 ২। পুষ্যা নক্ষত্ৰত আকণৰ মূল, ৰঘুমলা, মৌ সহিতে গুৰি কৰি সমৰ গাত চটলে মুখ স্তম্ভ হয়।

২৭। অথ স্ত্ৰীমুখ স্তম্ভন যন্ত্ৰ।

 হালধিৰ ৰসেৰে শিলতে যন্ত্ৰ লিখি তাতে স্ত্ৰীৰ নাম লিখি তলমুখকৈ থব। সেই স্ত্ৰীৰ মুখ স্তম্ভ হয়। ইতি স্ত্ৰীৰ মুখ স্তম্ভন।

২৮। অৰ্থ হস্ত স্তম্ভন।

 খাৰ ভৰিৰ ধূলি হৰিতালে সহিতে মনুষ্য আকাৰ কৰি হৃদয় মধত দুই হাত থোৱা হেন কৰি লিখি ভাণ্ডত থৈ মুদ মাৰিলে, তাৰ হস্ত, স্তম্ভ হয়। একো দিব পাৰে। ইতি হস্ত স্তম্ভন।

২৯। অথ শত্ৰুমুখ স্তম্ভন।

 শৰ ভৰিৰ ধূলাক হৰিতালৰ গুড়িৰ সহিম্ভে দুয়ো হাতত লব। এক হ'তৰ গুড়ি শ্মশানত পুতি থব। এক হাতৰ গুড়ি শোৱা গৃহত থব। শক্ৰমুথ স্তম্ভন হয়। ইতি শক্ৰমুখ স্তম্ভন।