পৃষ্ঠা:Kamaratna Tantra.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

26

২২। অথ কোপ নিবাৰণ।

 প্ৰচণ্ডি মন্ত্ৰ জলত একুৰি সাত বাৰ জপি যাৰ নাম ধৰি সেই জলে যি মুখ মাজে তাৰ কোপ গুচে। ইতি কোপ নিবাৰণ।

২৩। অথ কোপ নিবাৰণ যন্ত্ৰ।

 তাল পত্ৰত কণ্টকেদি যন্ত্ৰ লিখিব। তাতে যাৰ নাম লিখি কৰ্দ্দমত পোতে বৰ কোপিতজনো প্ৰসন্ন হয়। ইতি কোপ নিবাৰণ।

২৪। অথ গজ নিবাৰণ॥

 ১। বান্দৰ কেকোৱাৰ মূল বাহুত মুণ্ডত বান্ধিব, হস্তী যুদ্ধ এৰি পলায়।


 ২। ধলা অপৰাজিতাৰ মূল হস্তত ধৰিলে হস্তী বলান লয়। ইতি গজ নিবাৰণ।

২৫। অথ ব্যাঘ্ৰ নিবাৰণ।


 ১। অশ্বত্থ মূল, কাটা বেঙ্গেনাৰ মূল হস্তত বান্ধি ললে বাঘে নেখাই পলায়।


 ২। আঠ-অক্ষৰীয়া মন্ত্ৰ দলি এটাত আঠ বাৰ জপি পুনু আঠ বাৰ পঢ়ি দলি মাৰিব। বাঘ যাব নাপাৰে।


 ৩। কৃষ্ণা চতুৰ্দ্দশীত নাঙ্গলভঙ্গাৰ শিপা, নাৰিকলৰ শিপা হস্তত বান্ধি ললে সিংহ হস্তী আদি একোলৈকে ভয় নাই। ইতি কামৰত্নৰ তৃতীয় উপদেশ সমাপ্ত।