পৃষ্ঠা:Kamaratna Tantra.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

24

 ৫। চকোৱাৰ বাম চকু গুড়েৰে বাটি লোহাৰ মাদলীত ভৰাই বিবস্ত্ৰ ভূমিত পুতিব। তেতিয়া বিবাদত জয়।


 ৬। ৰোহিনী নক্ষত্ৰত দালিমৰ ছাল নিমুৰ ছাল হস্তত বান্ধি ললে পাশা আদি খেলাত জয় হয়। ইতি জন সাধন।


১৯। অথ জয়কৰণ যন্ত্ৰ।

 গোৰচনাৰে ভূৰ্জ্জত যন্ত্ৰ লেখিব। তাতে স্ত্ৰীৰ নাম লেখি যাৰ কেশত ধৰে তাক জিনে। হস্তা নক্ষত্ৰত নাৰিকলৰ মূল বা নাঙ্গল ভঙ্গাৰ মূল আনি গুৰি কৰি তাতে মহাবল মন্ত্ৰ অষ্টোত্তৰশত জপি স্ত্ৰীৰ গাত চটিয়ালে তাৰ বুদ্ধি বল গুচি যায়। ইতি জয়কৰণ।


২০। অথ সৌভাগ্যকৰণ।

 ১। পুষ্যা নক্ষত্ৰত ধলা আকণৰ মূল বস্ত্ৰত বান্ধি ললে দুৰ্ভগা সুভগা হয়।


 ২। তাৰে ফুল ৰঙ্গা আগেচিতাৰ মূল চন্দ্ৰগ্ৰহণত আনি মধু সহিতে বাটি তিলক লৈলে দুৰ্ভগা সুভগা হয়। ইতি সৌভাগ্যকৰণ।


২১। অথ যন্ত্ৰ।

 গোৰচনাৰে ভূৰ্জ্জত যন্ত্ৰ লেখিব। তাতে যাৰ নাম লেখি মধুৰ মাজত থব তাৰ সৌভাগ্য জিনি অপোনাত হয়। ইতি সৌভাগ্যকৰণ।