পৃষ্ঠা:Kamaratna Tantra.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

20

১। চামুণ্ডা মন্ত্ৰক নাৰীৰ নাম ধৰি অষ্টোত্তৰসহস্ৰ জপি নাৰীক দেখা দি আসিব। তাৰ পাচতে আসে।


২। অশ্লেষা নক্ষত্ৰত অৰ্জ্জুনৰ মূল খানি ছাগৰ মূত্ৰ দি বাটি তাতে কৃষ্ণাক্ষী মন্ত্ৰক অষ্টোত্তৰশত জপি নাৰী বা পুৰুষ, পশু আদিৰ শৰীৰত দিলেও আকৰ্ষণ হয়।


৩। পুৰুষৰ বা নাৰীৰ বমি ভৰিৰ তলৰ খোজৰ মাটি আনি, তেজপিয়াৰ তেজে প্ৰতিমা কৰি তাৰে হৃদয়ত নাৰীৰ বা পুৰুষৰ নাম লেখি, মূত্ৰ থানত পুতি মুতিব। তাক আকৰ্ষি আনে।


৪। বন্দুলি ফুলৰ মূল পঞ্চমীত আনি তামোল খুৱালে আকৰ্ষণ হয়।


৫! যোৰ লগা ভোমৰ। দুটি ধৰি আনি চিতাৰ কাঠেৰে ভিন্ন ভিন্ন পুৰি, ভস্ম বস্ত্ৰেৰে বান্ধি দুই টুপলি কৰি, এক টুপলি ছাগৰ শিঙ্গত দৃঢ়কৈ বান্ধি দি অনি দিশে যাব। ছাগ ও পাতে যায়। এনুৱা প্ৰমাণ কৰি সেই ভস্ম নাৰীৰ শিৰত দিব। আপোনা বস্তুত কিছু ৰাখিব। পুৰুষৰ পাচতে নাৰী যায়। ইতি স্ত্ৰী আকৰ্ষণ।


১৭। অৰ্থ যন্ত্ৰ।

 প্ৰথম যন্ত্ৰ গোৰচনাৰে ধুকুৰা ৰসে ভূৰ্জত লেখিব। তাতে যাৰ যাৰ নাম লেখি কৰবীৰ মূলত থৈ থৈৰাৰ এঙ্গাৰৰ অগ্নিৰে তাপ কৰে, তাক শত প্ৰহৰৰ পৰা আকৰ্ষি আনে। দ্বিতীয় যন্ত্ৰক আপোনাৰ শোনিতেৰে বাম হস্তত লিখি তাতে নাৰীৰ নাম লেখি হৃদয়ত চামুণ্ডা মন্ত্ৰ জপিলে, সেই নাৰী শয্যালৈ আসে। ইতি কামৰত্নৰ দ্বিতীয় উপদেশ সমাপ্ত।