পৃষ্ঠা:Kamaratna Tantra.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

18


দ্বিতীয় পটল।

১৫। অথ আকৰ্ষণ।

 সাত অক্ষৰীয়া মন্ত্ৰক পঞ্চশত জপিব। দেৱ মনুষ্য আদি যাৰ নাম লৈ পঞ্চশত জপিলে আকৰ্ষি আনে। চতুৰক্ষৰী মন্ত্ৰক পঞ্চশত জপি ভোজন দ্ৰব্যক পাত্ৰত থৈ তাতে সাত অক্ষৰীয়া মন্ত্ৰক অষ্টোত্তৰ সহস্ৰ জপি স্বহস্তে যাক দিয়ে কৰ্ত্তা পুৰুষ যি স্থানলৈ যায়, তাৰ পাচতে সি ও যায়। ইতি আকৰ্ষণ।



১৬। অথ স্ত্ৰী আকৰ্ষণ।

 প্ৰথমে চামুণ্ডা মন্ত্ৰক অষ্টোত্তৰশত জপি, সহস্ৰ জপি। নাগপাশ মায়া। যন্ত্ৰত নাগপাশ মন্ত্ৰ থব। কৱচ যন্ত্ৰত অঙ্কুশ মন্ত্ৰ থব। বাম হস্তত ফল লৈ নাগপাশ ভাবিব। দক্ষিণ হস্তত উজ্জ্বল অঙ্কুশ যন্ত্ৰ থৈ অঙ্কুশ ভাবিব। হাতত ধৰি নাযায় হেন ভাবি ফল দিব। স্ত্ৰী পুৰুষৰ লগতে আসে।