পৃষ্ঠা:Kamaratna Tantra.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

16


১৩। অথ স্ত্ৰীবশ যন্ত্ৰ॥

 প্ৰথম যন্ত্ৰ গোৰোচনাৰে ভূৰ্জ্জপত্ৰত লিখিব। তাতে বাঞ্ছিত সুন্দৰীৰ নাম লেখি থৈৰাৰ আঙ্গাৰে অগ্নিত তিনিও সন্ধ্যাত উত্তাপ কৰিলে, সৰ্ব্ব স্ত্ৰীবশ হয়। দ্বিতীয় যন্ত্ৰ—গোৰোচনা কুঙ্কুমেৰে ভূৰ্জ্জপত্ৰত লিখি তাতে যাৰ নাম লিখি ধৃত মধুৰ মধ্যত থব সেই নাৰী বশ হয়। ইতি স্ত্ৰী বশীকৰণ।



১৪। অথ পতি বশকৰণ॥

 ধুবুনী পাখীৰ মঙহ মৌ দি বাটি বড়ি কৰি তাতে কামমালিনী মন্ত্ৰ সাতবাৰ জপি যোনীত লিপিব। সুৰত সমাপত ভৈলে স্বামী দাসপ্ৰায় বশ হয়। পাঞ্চ পাখিয়া ডালিম্ব সেৱা বেহাৰে বাটি বড়ি কৰিব। এই মন্ত্ৰক সাতবাৰ জপি যোনীত লিপিব। ৰমনৰ অন্তত পতি বশ হয়। আগেচিতাৰ ফুল মৌ দি বাটি ভোজনৰ দ্ৰব্যত পতিক খুৱালে বশ হয়। শঙ্খ, শামুকৰ চূণ পুৰি জল- জন্তুৰ মুখত লগাই আনি পতিক তাম্বুল খুৱালে বশ হয়। গোৰোচনা গন্ধ- বিঃৰ মূল কুঙ্কুমেৰে বাটি তিলক ললে পতি বশ হয়। ৰমন সময়ত এই তিলক লৈ বামচৰণেৰে পতিৰ লিঙ্গক পৰশিলে সৰ্ব্বকালে নাৰীলৈ স্বামীৰ ভয় হুয়া থাকে। ইতি কামৰত্ন তন্ত্ৰে পতি বশকৰণ। প্ৰথম উপদেশ কামৰত্নৰ সমাপ্ত।

⸻ ⸻