১২। অথ স্ত্রী বশীকৰণ।
কাউৰঠুটি লতাৰ মূল, বচ, কুড় বাখৰ, অপােনাৰ বীৰ্য্য শোণিত সবাকে বাটি
বড়ি কৰি সেই বড়িৰ ওপৰত স্ত্রীবশ চামুণ্ডা মন্ত্রক অষ্টোত্তৰশত জপি, নাৰীক
কোনাে উপায়ে খুৱালে বশ হয়। মৰিলেও শ্মশানত পৰি পৰি কান্দে।
কামিনী বশ মন্ত্র সাত বাৰ জলত জপি, প্রভাতে মুখ ধুই, সেই জল যেই
নাৰীৰ নাম লৈ পিয়ে সেই নাৰী বশ হয়। কলীয়া অপৰাজিতাৰ মূল তাম্বুলে
সহিতে চাৰি অক্ষৰীয়া মন্ত্র জপি যেই নাৰীক খুৱায় সেই নাৰী বশ হয়। যেই
নাৰীৰ নাম ধৰি এই মন্ত্রক ফলত সাত বাৰ জপে সেয়ে বশ হয়। কৃষ্ণাক্ষী
মন্ত্ৰ বগা ফুলত ন বাৰ জপি নাৰীক দিলেই বশ হয়। চামুণ্ডা মন্ত্রক তাম্বুলত
সাত বাৰ জপি যি নাৰীক খুৱায় সেয়ে বশ হয়। বিশ্ববসু মন্ত্রক এক থালি
জলত সাত বাৰ জপি কন্যাৰ নাম ধৰি সাত অঞ্জলি জল ত্যাগ কৰিব। মাহেক
অন্তৰে সেই কন্যা পুৰুষে পায়। বগা আকণ কাঠৰ চন্দন কৰি তিলক
লৈলে দেখিলে নাৰী দাসী প্রায় বশ হয়। পূৰ্ব্বফল্গুনী নক্ষত্ৰত আঢ়ৈ আঙ্গুল
প্রমাণ শাল কাঠ যি কন্যাৰ ঘৰত লুকাই থয়, কন্যা দাতাই সেই কন্যাক নিশ্চয়
দিয়ে।