সমললৈ যাওক

পৃষ্ঠা:Kamaratna Tantra.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭। অথ বন্দা গ্রহণ বিধি।

 এঘাৰ অক্ষৰীয়া মন্ত্রক (নং ৭) দুই সাতবাৰ জপি নিয়ম কাল লৈ আনিব। অৱশ্যে কৰ্ম্ম সিজে। হে মহেশ্বৰি, ঔষধি ছাল গ্রহণ আদি নির্ণয় কহিলো। ইতি বন্দা গ্রহণ বিধি।

————

প্রথম পটল।

বশী কৰণ।

৮। অথ সৰ্ব্বজন বশীকৰণ।

 নৃপতি, পুত্র, মিত্র বা আন পশু, পক্ষী, পৰ্ব্বতত এ সকলক পাই, বা দেখি আৰু নাম ধৰি দুই অক্ষৰীয়া মন্ত্ৰক পঞ্চশত জপিলে বশ হয়। ভক্তি পূর্ব্বক গুৰুৰ হস্তে মন্ত্র গ্রহণ কৰি কৰ্ম্ম কৰিলে সিদ্ধি হয়।

 কট বিকট মন্ত্রক অন্নত সাত বাৰ জপি যাৰ নামে একৈক অন্নপিণ্ড সাত দিন খাইবে সি বশ হয়। বশ্যমুখী মন্ত্রক যাৰ নাম ধৰি জপি সাত বাৰ মুখ পখালিব তেনে সি বশ হয়। প্রাতসে শয্যাত বা মহন্তত তৈল্য লৈ বশ্যমুখী মন্ত্র অনামিকা আঙ্গুলিয়ে মন্ত্রিত কৰি তিনি বাৰ পুনঃ পুনঃ মন্ত্র পঢ়ি কেশ মুখাদিত ঘর্ষিব, সৰ্ব্বজন বশ হয় আৰু বাঘেও নাখায়। একে আঞ্জলি পুষ্পত চামুণ্ডা মন্ত্রক দুই সাত বাৰ জপি যাক দেয় সেয়ে বশ হয়। ভৃঙ্গৰাজৰ মূল, গােময়ৰ ভস্ম জল দি বাটি তাতে সেই মন্ত্র অষ্টোত্তৰশত জপি তিলক লৈলে সৰ্ব্বজন বশ হয় । ৰােহিনী নক্ষত্রে বটবৃক্ষৰ বন্দাক আনি পুৰুষে দক্ষিণে, স্ত্রীয়ে বাম হাতত আঁৰি লৈলে সৰ্ব্বজন বশ হয়। শুক্লা ত্ৰয়ােদশীত কাচমণিৰ মূল তাম্বুলৰ সহিতে খুৱালে বশ হয়। চৰণ, চকু, নাসিকা, হৃদি ইয়াৰ মল তাম্বুলে সহিতে খুৱালে বশ হয়। পুষ্যা নক্ষত্রে কলীয়া অপৰাজিতাৰ মূল গুৰি কৰি গােঘৃতেৰে বাটি কলপটুৱাত লগাই ঘৃতৰ বাতিত কাজল লৈ চকুত লগাই যাকে বাঞ্ছে সেয়ে বশ হয়। ইতি সৰ্ব্বজন বশীকৰণ।