৬। অথ ঔষধ আনিবৰ নিয়ম।
বিধি মন্ত্ৰাপঢ়ি ঔষধ কৰিলেসে সিদ্ধি হয়। বিধি মন্ত্ৰ নজানি ঔষধ কৰিলে সেই ঔষধ কাষ্ঠপ্ৰায় বিফল হয়। একান্ত স্থানত, পবিত্ৰ থানত, অৰণ্যত যে ঔষধি থাকে তাকে বীৰ্য্যৱন্ত বুলি। উঁইৰ ভিঠাত, কূপৰ সমীপত, পদূলিত, বৃক্ষৰ গুৰিত, দেবগৃহ সমীপত, শ্মশানত যে ঔষধ থাকে বিধি মন্ত্ৰ হৈলেও কৰ্ম নাসাধে। জলে তল গৈলে, অগ্নিত পোৰা, পোকে খাৱা, আলগতে গজা ইসৱৰ ছাল, মূল, পত্ৰ, কৰ্ম্ম নাসাধে।
প্ৰাতঃকালে মহাদেৱক সেৱা কৰি শ্ৰদ্ধা সহ উপবাসে ঔষধৰ গুৰক যাই
কৰযোৰে মন্ত্ৰ পঢ়িব-বেতাল, পিশাচ, ৰাক্ষস, সৰীসৃপ, বৃক্ষ লতাত যে কোন
আছা শিৱৰ অজ্ঞায়ে দূৰক যোৱা। পুনু ঔষধক প্ৰাৰ্থনা কৰিব হে মাতৃ
তোমাৰ অমৃতত জন্ম, তুমি বল বীৰ্য্য বৃদ্ধি কৰোৱা, মোক বল বীৰ্য্য দিয়া, পাপ
ৰোগ দূৰ কঁৰা। এহি তুতি কৰি নমস্কাৰ কৰো। পুনু বাক্য বুলিব, ব্ৰহ্মায়ে,
ভৃগুৱে, ইন্দ্ৰে, বৰুণে যে হস্তে তোমাক খুনিছে সেই পবিত্ৰ হস্তে মই খুনো।
এহি বুলি নিখুন অস্ত্ৰ ধৰি খানিব। পুনৰ প্ৰাৰ্থনা কৰিব, হে মাতৃ, আমাৰ
দোষ কি। উৎপাট নিপতি দোষত থাকি ব্ৰহ্মতেজ অন্য থানত হোক।
মোৰ কল্যাণ কৰি স্বৰ্গক যোৱা। এহি প্ৰাৰ্থনা কৰি অষ্টাক্ষৰী মন্ত্ৰ (নং ৫)
পঢ়ি ৰবিবাৰত পুষ্যা নক্ষত্ৰত ৰবি যোগে সৰ্ব্ব ঔষধ তুলিব। ষড়াক্ষৰ মন্ত্ৰ (নং ৬)
পঢ়ি ছেদিব। ইতি সৰ্ব্ব ঔষধ তুলিবৰ নিয়ম।